ASSAM TIMES POST
নিউজ ডেস্ক
“লকডাউনৰ মাজতে দেওবাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগত প্ৰৱেশ পথ মুকলি কৰিব অসম চৰকাৰে।চিকিমক বাদ দি উত্তৰ-পূৰ্বৰ সকলো ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ প্ৰতিজন ব্যক্তি দেওবাৰ পৰা নিজৰ ইচ্ছামতে অসমলৈ আহিব পাৰিব”- এই কথা অৱগত কৰিলে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ যে কেৱল মাত্ৰ অসমৰ ব্যক্তিসকল অহাৰ বাবে খুলি দিয়া হৈছে প্ৰৱেশ পথ।কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ উত্তৰ-পূৰ্বৰ ৰাজ্যত আৱদ্ধ হৈ থকা লোকসকল দেওবাৰে পুৱা ৬ বজা পৰা প্ৰতি দিনে সন্ধিয়া ৬ বজা ভিতৰত অসমত প্ৰৱেশ কৰিব পাৰিব।সীমান্তত অসমলৈ ঘূৰি অহাৰ প্ৰতিজন ব্যক্তিক কৰা হব স্বাস্থ্য পৰীক্ষাৰ।এই কথা অৱগত কৰে মন্ত্ৰী শৰ্মাই।
উত্তৰ-পূৰ্বৰ ৰাজ্য সমুহৰ ৰাজধানী ৰাজ্য চৰকাৰে পৰিবহন নিগমৰ বাছ প্ৰেৰণ কৰিব।কিন্তু সেয়া পলম হব।তাৰ পূৰ্বে যিসকল ব্যক্তিয়ে নিজৰ গাড়ী লৈ আহিব বিচাৰে দেওবাৰ পৰাই আহিব পাৰিব-এইদৰে কয় মন্ত্ৰী শৰ্মা।
আনহাতে তাপয্য পূৰ্ণ কথা এই যে দেওবাৰ বিয়লি তৃতীয় পৰ্যায়ৰ লকডাউন ৰাজ্যত কিদৰে প্ৰয়োগ হব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰে নিজাকৈ প্ৰকাশ কৰিব নিৰ্দেশনা।এই কথা মন্ত্ৰী শৰ্মাই কয়।তেওঁ উল্লেখ কৰা মতে ৪মে’ৰ পৰা ৰাজ্যত পৰিবহণ নিগমৰ বাছ সমূহ চলাচল কৰিব।৫০% যাত্ৰী লৈ যাত্ৰা কৰিব লগা বাছ সমূহৰ ৫০% যাত্ৰী ভাড়া ব্যয় কৰিব ৰাজ্য চৰকাৰে।একেদৰে গ্ৰীণ জন অঞ্চলত কাম কাজ সমূহ আৰম্ভ হব বুলি মন্ত্ৰী শৰ্মাই কয়।













