ASSAM TIMES POST
ডিফু: লকডাউনৰ পূৰ্বে অসম – নাগালেণ্ড সীমান্ত এলেকাত অসমৰ বিভিন্ন জিলাৰ পৰা কামৰ সন্ধানত আহি লকডাউনৰ বাবে আৱদ্ধহৈ পৰা একাংশ লোকলৈ খাদ্য সামগ্ৰী বিতৰণ কৰিছে অসমৰ আজমল ফাউণ্ডেছনে ৷


আমছুৰ কাৰবি আংলং জিলা সমিতিৰ সহযোগত খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷ কাৰবি আংলং জিলা আমছুৰ প্ৰাক্তন সভাপতি ইছমাইল হুছেইনে অসম- নাগালেণ্ড সীমান্তৱৰ্তী এলেকা কাৰবি আংলং জিলাৰ বালিজান খানবস্তি এলেকাত উক্ত লোক সকলে বহু কষ্টৰে অতিবাহিত কৰাৰ খবৰ লাভ কৰি হোজাইস্থিত আজমল ফাউণ্ডেছনৰ কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰে ৷
পিছত আজমল ফাউণ্ডেছন হোজাই মৰ্কজৰ সভাপতি খলিলুৰ ৰহমান আমছু কাৰবি আংলং জিলা সমিতিৰ প্ৰাক্তন সভাপতি ইছমাইল হুছেইন, প্ৰাক্তন উপদেষ্টা তথা বিশিষ্ট ব্যৱসায়ী মঞ্জুল হক, বালিজান আঞ্চলিক আমছুৰ হৈ আব্দুৰ ৰহমান আৰু ইনছান আলীৰ সহযোগত বালিজান খান বস্তিৰ ৩০০ আৰ্ত আৰু দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, ডাইল, তেল, আলু, নিমখ, পিয়াজ আদি বিতৰণ কৰে বুলি কাৰবি আংলং জিলা আমছুৰ প্ৰাক্তন সভাপতি ইছমাইল হুছেইনে জানিবলৈ দিছে ৷













