ASSAM TIMES POST
নিউজ ডেস্ক:
বিশ্বনাথ চাৰিআলিত ভয়ংকৰ ঘটনা৷ দুগৰাকী নাৰ্ছক হাতত টানি ধৰ্ষণৰ অপচেষ্টা এটা পেট্ৰ’লপাম্পৰ কৰ্মচাৰীৰ৷ জানিব পৰা মতে নাৰ্ছ দুগৰাকীয়ে চিকিৎসালয়লৈ খোজকাঢ়ি আহি থকা অৱস্থাত ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ সমীপৰ পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে সংঘটিত কৰে এই কাণ্ড৷
অভিযোগ অনুসৰি শনিবাৰে নিশা পেট্ৰ’লপাম্পৰ সন্মুখ পাওতেই লাইট বন্ধ কৰি আকস্মিকভাৱে আক্ৰমণ কৰে কেইজনমান যুৱকে৷ নাৰ্ছ দুগৰাকী জে কে হাস্পতালত কৰ্মৰত আছিল৷এই কাণ্ড সংঘটিত হোৱাৰ সময়ত কথমপি তাৰ পৰা দৌৰি গৈ তেওঁলোক চিকিৎসালয়ত উপস্থিত হৈ প্ৰাণ ৰক্ষা কৰে৷
ইয়াৰ পাছতে স্থানীয় ৰাইজে এজনক আটক কৰি দিলে লপাথপা দিয়ে যদিও বাকীকেইজন সেই স্থান এৰি পলায়ন কৰে৷বিহাৰৰ পৰা অহা কৰ্মচাৰীকেইজনে পেট্ৰ’লপাম্পটোত কাম কৰি আছিল৷ বিশ্বনাথ আৰক্ষীয়ে ধৰ্মেন্দৰ শৰ্মা, ৰাহুল পেটেল, অশোক সাহ আৰু গৌৰৱ পেটেল নামৰ চাৰিজন কৰ্মচাৰীক সোধা-পোছাৰ বাবে আটক কৰি তদন্ত আৰম্ভ কৰিছে।













