ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলঙ: লক ডাউনৰ বাবে ৰাজ্যৰ বাহিৰৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে ছাত্ৰ-ছাত্ৰীকে ধৰি বহু লোক । সম্প্ৰতি এই সকলক নিজ নিজ গৃহলৈ ওভতাই আনিবলৈ ব্যৱস্থা হাতত লৈছে।তাৰ সমান্তৰালকৈ ৰাজ্যৰ জিলাপ্ৰশাসন সমুহে নিজ নিজ জিলাত খালি হৈ থকা বিভিন্ন বিভাগৰ ঘৰ বা হল সমূহ Covid Care Centre হিচাপে ঠিক কৰিছে।
পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ হামৰেণস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ত Covid Care Centre প্ৰতিষ্ঠাৰ সন্দৰ্ভত,জিলা খনৰ শীৰ্ষ মহলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ জিলাখনত অৰ্দ্ধসমাপ্ত বা সমাপ্ত হৈ ব্যৱহাৰ নোহোৱাকৈ পৰিত্যক্ত অৱস্থাত থকা চৰকাৰী গৃহত এই Covid Care Centre প্ৰতিষ্ঠাৰ পোষকতা কৰিছে পাহাৰীয়া জিলাখনৰ প্ৰশাসনে ৷
এই সন্দৰ্ভত পাহাৰীয়া জিলা খনৰ বৈঠালাংছ’ , টিকা, এডেনবাৰী আৰু টুমপ্ৰেঙৰ বিভিন্ন অঞ্চলত ব্যৱহাৰ নোহোৱাকৈ পৰিত্যক্ত অৱস্থাত থকা চৰকাৰী গৃহৰ পৰ্যবেক্ষণ কৰি অৱশেষত টুমপ্ৰেংস্হিত কৃষি বিভাগৰ বীজ প্ৰশিক্ষণ কেন্দ্ৰৰ ভৱনটোতে ৰখাৰ সিদ্ধান্ত লয় ।
অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনাত ১৫০ খন বিচনাযুক্ত এই Covid Care Centre ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা কৰ’ণাৰ সন্দেহযুক্ত নাগৰিকক ৰখা হ’ব বুলি জানিবলৈ দিয়ে অতিৰিক্ত জিলা উপায়ুক্ত তথা জিলাখনৰ ‘কোভিড-১৯’ৰ ভাৰপ্ৰাপ্ত বিষয়া মানস দাসে ৷
বিশেষকৈ সাধাৰণ জ্বৰ-কাঁহত ভূগি থকা ৰোগীসকলক এই ব্যৱস্থাৰ ভিতৰত সামৰি লোৱা হ’ব বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে পাহাৰীয়া জিলাখনৰ গড়কাপ্তানি বিভাগৰ গৃহনিৰ্মাণ শাখাই গৃহনিৰ্মাণৰ কাম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে শৌচালয় নিৰ্মাণ কাৰ্যৰ প্ৰস্তুতি হাতত লোৱা বুলি জানিব পৰা গৈছে ৷













