ASSAM TIMES POST
গুৱাহাটী: প্ৰথম আৰু দ্বিতীত পৰ্যায়ৰ লকডাউনৰ সময়ত মহানগৰীত জব্দ কৰা বাহন সমূহ নিব পাৰিব গৰাকীয়ে।জব্দ কৰা নিৰ্দিষ্ট থানাত আহি বাহনৰ গৰাকীয়ে জৰিমনা ভৰি উলিয়াই নিব লাগিব গাড়ী সমূহ।
এই কথা প্ৰকাশ কৰিলে গুৱাহাটীৰ মহানগৰী আৰক্ষীৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।আয়ুক্ত গুপ্তাই প্ৰকাশ কৰা অনুসৰি “ইতিমধ্যে আৰম্ভ হৈছে গাড়ী সমূহ গৰাকীক চমজাই দিয়া প্ৰক্ৰিয়া।তাৰ বাবে গৰাকীয়ে নিৰ্দিষ্ট থানালৈ আহিব লাগিব বাহনসমূহ নিবলৈ”।
উল্লেখ যে গাড়ী সমূহৰ বিৰুদ্ধে এম ভি আই এক্টৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা সমান্তৰালকৈ জৰিমনা বিহা হৈছে গাড়ী গৰাকীৰ সকলক- গুপ্তাই কয় ।এই প্ৰক্ৰিয়া ইতিমধ্যে আজিৰ পৰা আৰম্ভ হোৱা বুলি তেওঁ লগতে জানিব দিয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ৪০ দিনৰ লকডাউনত সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো লকডাউন ভংগ কৰি ওলাই অহাৰ অপৰাধত কেইবাহাজাৰ গাড়ী জব্দ কৰিছিল প্ৰশাসনে।তাৰ ভিতৰত সৰ্বাধিক জব্দ হৈছিল মটৰ চাইকেল।













