ASSAM TIMES POST
গুৱাহাটী: গ্ৰীণ ‘জনত ব্যাপক শিথিলতাৰ মাজৰে আজি পৰা ৰাজ্যজুৰি ক’ৰনা সংক্ৰমন ৰোধৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ।পূৰ্ব লকডাউনৰ তুলনাত তৃতীয় পৰ্যায়ত গ্ৰীণ জন সামান্য কেইটামান বাধ্যবাধকতা মাজেৰে আৰম্ভ হৈছে এক প্ৰকাৰৰ স্বাভাৱিক জনজীৱন।
জনতা আৰ্থ সামাজিক দিশতোৰ প্ৰতি লক্ষ্য ৰাখি চলাচল কৰিছে বাছ সেৱা।বাছ সেৱা আৰম্ভ পিছতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্ট ৰায়ে কয় “বাছ সেৱা মুকলি কৰা হৈছে যদিও ব্যৱসায়িক ভিত্তিত নহয়।জনতাৰ সুবিধা বাবে এই বাছ সেৱা।অতি প্রয়োজনীয় হলেহে যাতে যাত্ৰী।সকলে যাত্ৰা কৰে”।
সকলো বাছতে ৫০% যাত্ৰী লৈ সামাজিক দূৰত্বৰ ৰক্ষা কৰি বাছ সমূহ চলিব।যাত্ৰী সকলেও যাতে লকডাউনৰ নীতি-নিয়ম পালন কৰে তাৰ বাবে ভট্টৰায়ে আহ্বান জনায়।গুৱাহাটীত প্ৰথম ১০০খন চিটিবাছ চলোৱা হৈছিল।বহু যাত্ৰী বাছৰ বাবে ওলাই আহিছে।
ব্যক্তিগত খণ্ডৰ বাছৰ মালিক সকলৰ লগত আলোচনা কৰি অতিৰিক্ত ভাৱে ২০০খন চিটিবাছ চলিব।আনহাতে দূৰণিৱতীয় বাছ সেৱা আগতীয়াকৈ যাত্ৰী সকলে চিট সমূহ অনলাইনত বুকিং কৰিব।বুকিং সমূহ redbus.in আৰু Astc.inৰ জৰিয়তে টিকট বুকিং কৰিব লাগিব বুলি অধ্যক্ষ ভট্টৰায়ে জানিবলৈ দিয়ে।প্ৰতিখন বাছত চেনিটাইজাৰ থাকিব।ৰাতিপুৱা-আবেলি বাছ সমূহ চাফা কৰা হব।
যাত্ৰী সকলে যধে-মধে থুঁই, খেকা নেপেলাই তাৰো তেওঁ আহ্বান জনায়।উল্লেখ যে কিছদিনৰ পৰা চলাচল কৰা ৰাজ্য বিশেষ বাছসেৱাত যাত্ৰী সকলে সহযোগিতা কৰা বুলি উল্লেখ কৰি তেওঁ কয় “যাত্ৰী সকলৰ সহযোগিতা বাবে বাছ সেৱা আৰম্ভ কৰিছোঁ।যাত্ৰী এই সহযোগিতা যাতে সদায় থাকে”।













