ASSAM TIMES POST
হাওৰাঘাট: বিশ্বজুৰি অব্যাহত থকা ক’ৰ’ণাতংকৰ মাজতে অসম চৰকাৰৰ অাবকাৰী বিভাগৰ প্ৰশংসনীয় পদক্ষেপ ৷ ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিশেষ তৎপৰতাত বিভাগটোৰ জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডেই লকডাউনৰ মাজতে ৰাজ্যৰ একাংশ আৰক্ষী আৰু সংবাদকৰ্মীসকলৰ মাজত হেণ্ড চেনিটাইজাৰ বিতৰণ কৰে ৷

এই সন্দৰ্ভত হাওৰাঘাট মহকুমা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা বিভাগটোৰ সৈতে যোগাযোগ কৰাত জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডেই বিশেষ তৎপৰতাৰে হাওৰাঘাট মহকুমা প্ৰেছ ক্লাৱক স্থানীয় সংবাদকৰ্মী, আৰক্ষী প্ৰশাসনৰ লোক তথা অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ক’ৰোণা যোদ্ধাসকলৰ মাজত বিতৰণৰ বাবে ২১ লিটাৰ হেণ্ড চেনিটাইজাৰ প্ৰেৰণ কৰে৷
আবকাৰী বিভাগৰ এনে বদান্যতাৰ পিছতে হাওৰাঘাট মহকুমা প্ৰেছ ক্লাৱৰ সম্পাদক ৰূপক দাসে ক্লাৱৰ আন কৰ্মকৰ্তাসকলৰ সহযোগত স্থানীয় প্ৰতিগৰাকী সংবাদকৰ্মীক এইসমূহ হেণ্ড চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে হাওৰাঘাট ডাকঘৰ, হাওৰাঘাট থানা, বকলীয়াঘাট থানা, ডকমকা থানা আৰু উপ-বৰবিল উপ-আৰক্ষী চকীৰ আৰক্ষীৰ লোকসকলৰ মাজতো আবকাৰী বিভাগৰ হৈ নিজ হাতে এই সমূহ হেণ্ড চেনিটাইজাৰ বিতৰণ কৰে৷
তাৰোপৰি প্ৰেছ ক্লাৱৰ জৰিয়তে স্বেচ্ছাসেৱী অনুষ্ঠান নেতাজী ৱেলফেয়াৰ ছ’চাইটি আৰু যমুনা গ্ৰুপৰ সদস্যসকলকো সামান্য পৰিমাণে হেণ্ড চেনিটাইজাৰ বিতৰণ কৰা হয় ৷ ইপিনে, কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰাও হাওৰাঘাট মহকুমা প্ৰেছ ক্লাৱক হেণ্ড চেনিটাইজাৰ আৰু মাস্ক প্ৰদান কৰা হয় ৷ অসম চৰকাৰৰ আবকাৰী বিভাগ আৰু কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ এনে বদান্যতাৰ বাবে মহকুমা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা দুয়োটা বিভাগকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে সম্পাদক ৰূপক দাসে ৷













