ASSAM TIMES POST
ডিফু: পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ এখন ব্যক্তিখণ্ডৰ বিদ্যালয়ৰ এগৰাকী কণমানি ছাত্ৰই কৰ’না ভাইৰাছৰ বাবে দেশজুৰি চলি থকা ৪০ দিনীয়া লকডাউনৰ মাজতে আৰ্তজনৰ কাষত থিয় হৈ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে৷
হয়, ডিফু চহৰত অৱস্থিত আতুৰকিমি ইংলিছ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ মুনিন্দৰ সিঙ (১৩) ৰ কোমল হৃদয় লকডাউনত দুৰ্ভোগ ভুগি অহা আৰ্তজনৰ বাবে কঁপি উঠে ৷ আজি আছিল ছাত্ৰগৰাকীৰ ত্ৰয়োদশ জন্মবাৰ্ষিকী ৷
ছাত্ৰজনৰ অভিভাৱক পিতৃ- মাতৃয়ে আনুষ্টুপীয়া কৰি হলেও ছাত্ৰজনৰ জন্মদিন পালন কৰিব খুজিছিল যদিও শিশু ছাত্ৰ মুনিন্দ্ৰ সিঙে পিতৃক এই কাৰ্যত বাধা আৰোপ কৰি জন্ম দিনত হবলগীয়া খৰছ খিনি আৰ্তজনক খাদ্য সামগ্ৰী দান কৰাৰ বাবে ব্যয় কৰা হওক বুলি অনুৰোধ কৰে ৷
পুত্ৰৰ মহানুভৱতাক সম্মান জনাই ছাত্ৰজনৰ পিতৃ- মাতৃয়ে ডিফুৰ মাটিপুঙত থকা ইচকণ মন্দিৰ প্ৰাঙ্গনত আজি ১০ টা পৰিয়ালৰ মাজত ৫ কেজিকৈ চাউল, ৫০০ গ্ৰাম ডাইল, আৰু ১ কেজিকৈ নিমখ সহায় হিচাপে আগবঢ়ায় ৷
উক্ত কাৰ্যসূচীত সমাজকৰ্মী তপন ডেকা লগতে ছাত্ৰজনৰ সাংবাদিক পিতৃ তথা ডিৱাই ৩৬৫ৰ ৫খন জিলাৰ ব্ৰু’ৰ চীফ ৰাজবীৰ সিঙ আৰু মাতৃ মঞ্জুশ্ৰী কৌৰ উপস্থিত আছিল ৷













