ASSAM TIMES POST
নিউজ ডেস্ক:
ভূপালত বিষাক্ত গেছ নিৰ্গত কাণ্ডৰ স্মৃতি আযি বহু বছৰ পিছতো মানুহৰ মনত সতেজ হৈয়ে আছে। সেই ভূপাল কাণ্ডৰ ছায়া এইবাৰ অন্ধ্রপ্রদেশৰ বিশাখাপত্তনমত। বহুজাতিক এক সংস্থাৰ ৰাসায়নিক প্লেণ্টৰ পৰা বিষাক্ত গছ নিৰ্গত হৈ মৃত্যু হৈছে পাঁচজনতকৈ অধিক লোকৰ। ইয়াৰ মাজত শিশুও আছে। প্রায় ২০০জনক ইতিমধ্যেই হাসপাতালত ভর্তি কৰোৱা হৈছে।
সূত্রৰ খবৰ মতে, বিশাখাপত্তনমৰ কিছু দূৰৈত আৰ আৰ ভেঙ্কটপুৰম গাঁওত অৱস্থিত এলজি পলিমাৰ ইন্ডিয়া প্রাইভেট লিমিটেডৰ কাৰখানা। হঠাৎ স্থানীয় বাসিন্দাসকলৰ চকু জ্বলাৰ কথা জনায়। লগে লগেই তেওঁলোকক হাসপাতাললৈ লৈ যোৱা হয়। এই প্রসঙ্গত গ্রেটাৰ বিশাখাপত্তনম মিউনিচিপ্যাল কর্পোৰেচনৰ পক্ষৰ পৰা ট্যুইট কৰি কোৱা হৈছে, ‘গোপালপটনমত এলজি পলিমাৰ কাৰখানাত গেছ নির্গত হৈছে। জনসাধাৰণৰ সুৰক্ষার্থে সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ কৰা হৈছে।’

এই বাতৰি প্ৰস্তুত কৰাৰ সময়ত তাৰ অৱস্থা অতি কৰুণ। ছ’চিয়েল মিডিয়াত বিয়পি পৰা একাধিক ভিডিওত দেখা গৈছে শ্বাসকষ্ট লৈ প্রচুৰ মানুও ৰাস্তাত বাগৰি বাগৰিয়ে হস্পিটেলত উপনীত হোৱাৰ চেষ্টা কৰিছে। কোনজন আকৌ ৰাস্তাতেই পৰি গৈছে অজ্ঞান হৈ। অনেকেই অৱশ্যে মুখত মাস্ক পিন্ধি ঘটনাস্থলীৰ পৰা দূৰলৈ যোৱাৰ চেষ্টা কৰিছে।
উল্লেখ্য, ১৯৬১ চনত হিন্দুস্তান পলিমাৰে এই কাৰখানাটি প্রতিষ্ঠা কৰে। ইয়াৰ পিছত ১৯৯৭ চনত দক্ষিণ কোৰিয়াৰ এলজি অ’ই কাৰখানাটো ক্ৰয় কৰে। কাৰখানাটোত পলিস্টাইৰিন আৰু এক্সপান্ডেবল পলিস্টাইৰিন তৈয়াৰ কৰা হয়। এই পলিস্টাইৰিন খেলনা আৰু অন্যান্য প্লাস্টিকৰ দ্রব্য তৈয়াৰীৰ কামত লাগে। ইতিমধ্যেই ঘটনাস্থলীত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈছে।













