ASSAM TIMES POST
নিউজ ডেস্ক:
বিশাখাপত্তনমত সংঘটিত ভয়ানক গেছ দুর্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় এই ক্ষেত্ৰত জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে গৃহ মন্ত্ৰালয় আৰু NDMA ক নিৰ্দেশ দিয়া হৈছে।
“বিশাখাপত্তনমৰ পৰিস্থিতি সন্দৰ্ভত তৎকালীন পদক্ষেপ গ্ৰহণৰ বাবে গৃহ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰীক আদেশ দিয়া হৈছে। মই উক্ত ঘটনাৰ সকলোৰে বাবে সুৰক্ষা আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।” এক টুইটযোগে মোদীয়ে এনেদৰে কয়।
আনহাতে, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে উক্ত শোকাবহ দুর্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। তেওঁ জিলা বিষয়াসকলক জীৱন ৰক্ষা আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবে প্ৰত্যেকটো সম্ভাৱনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।













