ASSAM TIMES POST
নিউজ ডেস্ক:
অৱসৰ গ্ৰহণ কৰিবলৈ আগবঢ়া ছুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ দীপক গুপ্তাই তেওঁৰ কৰ্মৰ পৰা অব্যাহতি লোৱাৰ প্ৰাক মুহূৰ্তত কৰিছে বিস্ফোৰক মন্তব্য। স্পষ্ট বাৰ্তা প্ৰদান কৰি তেওঁ কয়, দেশৰ আইন ব্যৱস্থা কেৱল ধনীসকলক সহায়ৰ বাবে।
এতিয়া দেশৰ শীৰ্ষ আদালতখনৰ ন্যায়াধীশগৰাকীৰ এনেধৰণৰ মন্তব্যত স্বাভাৱিকতেই তোলপাৰ লাগিছে সমগ্ৰ দেশ।কৰোনাৰ বাবে ন্যায়াধীশ দীপক গুপ্তাৰ অৱসৰকালীন অনুষ্ঠান ভিডিও কণফাৰেঞ্চৰ মাধ্যমেৰে হয়। আৰু সেই অনুষ্ঠানতেই তেওঁ এনেধৰণৰ মন্তব্য কৰে।
উল্লেখযোগ্য যে তেৱেঁই হ’ল ছুপ্ৰিম কোৰ্টৰ একমাত্ৰ ব্যক্তি যাৰ বিদায় অনুষ্ঠান ভিডিও কণফাৰেঞ্চত হয়।দীপক গুপ্তাই কয়, ন্যায়াধীশসকলে “অষ্ট্ৰিচৰ দৰে মূৰ লুকুৱাই থাকিব নোৱাৰে”। বিচাৰ ব্যৱস্থাৰ সংশোধনসমূহ তেওঁলোকে দাঙি ধৰিবই লাগিব।
আৰু সেই সমস্যাৰ সৈতে যুঁজিব লাগিব। এই অনুষ্ঠানতেই তেওঁ কয়, বিচাৰ ব্যৱস্থাই ধনী লোকক সহায় কৰে। যদি কোনো ধনী ব্যক্তি বন্দী হয়, তেতিয়াহ’লে বিচাৰ ব্যৱস্থাই খৰতকীয়াকৈ কাম কৰে আৰু বন্দী যদি দৰিদ্ৰ হয়, তেতিয়াহ’লে বিচাৰৰ গতি লেহেমীয়া হৈ পৰে।













