ASSAM TIMES POST
গুৱাহাটী:গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ এগৰাকী স্নাতকোত্তৰ মহলৰ ছাত্ৰ দেহত ধৰা পৰাৰ পিছতে আজিৰে পৰা জিএমচিএইচ নতুন ৰোগীৰ বাবে বন্ধ ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এক টুইটৰ জৰিয়তে মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা মতে “চিকিৎসালয় খনত যিসকল ৰোগীৰ ভৰ্তি হৈ আছে তেওঁলোকৰ নতুন ছোৱাব টেষ্ট কৰা হ’ব।

গতিকে কিছুদিনৰ বাবে বন্ধ থাকিব নতুন ৰোগী বাবে বন্ধ থাকিব চিকিৎসালয়”।ইফালে চিকিৎসালয় খনৰ আক্রান্ত ছাত্ৰৰ চিকিৎসক গৰাকীৰ সান্নিধ্যত যিসকল ব্যক্তি আহিছিল তেওঁলোকক সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনাইছে”।













