ASSAM TIMES POST
ডিফু: তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে আজি পুৱাৰ ভাগতে ডিফুৰ ৰাজপথৰ দাঁতিতে এজন দিনহাজিৰা কৰা শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

পৰিয়ালৰ সুত্ৰই জানিব দিয়া অনুসৰি ডিফু মাটিপুঙ টিলাত বসবাস কৰা আব্দুল খালেকৰ পুত্ৰ আইজুল হকে প্ৰতিদিনৰ দৰে আজিও সহকৰ্মী শ্ৰমিকৰ সৈতে ডিফু আৱৰ্তভৱনৰ কাষত এটি নিৰ্মাণ কামৰ উদ্দেশ্যে ৰাওনা হৈ ডিফু – লামডিং পথৰ আৱৰ্ত ভৱনৰ কাষত উপস্থিত হৈয়েই আইজুল হক মাটিত ঢলি পৰে আৰু মাত- বোল নোহোৱা হৈ পৰে ৷
ঘটনাৰ সম্ভেদ লাভ কৰি ডিফু থানাৰ আৰক্ষী ঘটনাস্থলীত গৈ আইজুল হকক মৃত অৱস্থাত উদ্ধাৰ কৰে আৰু কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মৃতদেহৰ চুৰত হাল কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ মৰ্গত ৰাখে ৷
জানিব পৰা মতে মৃত আইজুল হকৰ স্থায়ী ঠিকনা নগাওঁ জিলাৰ ধিং থানা অন্তৰ্গত ধুপগুৰিত ৷ মৃতে আইজুল হকে পত্নীৰ ওপৰিও এই সংসাৰত তিনিটা সন্তান এৰি থৈ গৈছে ৷ বাতৰি লিখা পৰলৈকে শ্ৰমিকজনৰ প্ৰকৃত মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷













