ASSAM TIMES POST
গুৱাহাটী: চলিত বর্ষত দশম শ্রেণী উত্তীণ হ’ব লগা ছাত্ৰ-ছাত্ৰীৰ বাবে কটন বিশ্ববিদ্যালয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথমবর্ষ নামভৰ্তি বাবে জাৰি কৰিলে গুৰুত্বপূৰ্ণ জাননী। বিশ্ববিদ্যালয় কতিপক্ষই জাৰি কৰা জাননী খনত প্ৰমাণ হৈছে পূর্বতকৈ আসনৰ সংখ্যা হ্ৰাস পাব উচ্চতৰ মাধ্যমিকৰ প্ৰথমবর্ষত।
ক’লা আৰু বাণিজ্যক দুয়োটা শাখাতে আসন হ্ৰাস পোৱাটো চুড়ান্ত হৈছে।জাননী খনত থকা অনুসৰি বিশ্ববিদ্যালয় খনত চলিত বর্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষত বিজ্ঞান শাখাত চাৰিটা চেক্সন থাকিব।প্ৰতিটোতে ৮০ জনকৈ ছাত্ৰ-ছাত্ৰীৰ থাকিব অৰ্থাৎ ৩২০জন।ক’লা শাখাত প্ৰতিটো চেক্সনত ১২০জনকৈ ছাত্ৰী-ছাত্ৰীক নামভৰ্তি কৰোৱা হ’ব।
উল্লেখ যে বিশ্ববিদ্যালয় খনত যোৱা বর্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষত বিজ্ঞান শাখাত ছাত্ৰ-ছাত্ৰী আছিল মুঠ ৫০০ জন আৰু ১৬০জন আছিল ক’লা শাখাত ছাত্ৰ-ছাত্ৰী।কিন্তু ৰহস্যজনক ভাৱে লকডাউন মাজতে চলিত বর্ষত বিজ্ঞান শাখাত ১৮০খন আসন আৰু কলা শাখাত ৪০খন আসন অর্থাৎ ২২০খন আসন হ্ৰাস কৰিছে বিশ্ববিদ্যালয় খনে।
কতিপক্ষৰ এই সিদ্ধান্ত বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা কয় “কোনো কাৰণত এই সিদ্ধান্ত মানি নলয় ছাত্ৰ সমাজে।ৰাজ্যৰ মেধা সম্পন্ন প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কটনত পঢ়িব বিচাৰে।তেওঁলোকক উপযুক্ত শিক্ষা পৰা বঞ্চিত হোৱাটো আমি কেতিয়া কামনা নকৰো।
গতিকে বিশ্ববিদ্যালয় এই সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ সমাজ ঐক্যবদ্ধ হৈ থিয় দিব।লকডাউনৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক”।ইতিমধ্যে শিক্ষাৰ বাণিজ্যিকৰণ আৰম্ভ হৈছে।কটনৰ কোনো গৰিমাৰ ম্লান পৰিবলৈ দিয়া নহব।আসন কোনো কাৰণত হ্ৰাস কৰিবলৈ দিয়া নহব-প্ৰাঞ্জলে কয়।













