ASSAM TIMES POST
ডিফু:লকডাউনৰ সময়ত আৰ্থিক আৰু শাৰিৰীক ভাবে ভাঙি পৰা অসংগঠিত খণ্ডৰ মটৰ পৰিবহন চালক আৰু শ্ৰমিক সকলৰ বাবে আজি মাঞ্জাত খাদ্য সামগ্ৰীৰে সহায়ৰ হাত আগবঢ়াইছে কাৰবি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাই ৷
আজি মাঞ্জাস্থিত সন্থাৰ উপ কাৰ্যালয়ত সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায় আৰু মাঞ্জা থানাৰ সহকাৰী উপ পৰিদৰ্শক ৰংপিৰ উপস্থিতিত মাঞ্জা উপসন্থাৰ প্ৰভাৰী হৰি থাউছেনৰ নেতৃত্বত ৮৬ গৰাকী চালক আৰু শ্ৰমিকক চাউল, ডাইল, নিমখ, তেল আৰু চাবোন আদি বিতৰণ কৰা হয় ৷
আনহাতে দুবছৰ ধৰি এক দূ্ৰ্ঘটনাত এটা ভৰি হেৰুৱাই পংগু হৈ পৰা মাঞ্জাৰ শৈলেন দাসৰ ঘৰত উপস্থিত হৈ সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে খাদ্য সামগ্ৰী প্ৰদান কৰে ৷













