ASSAM TIMES POST
নিউজ ডেস্ক:
ফাচী বজাৰত মংলু চাহানীৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে আছি কামৰূপ মহানগৰ জিলা প্ৰশাসনে কন্টেইনমেন জ’ন ঘোষনা কৰিলে হোটেল ৰাজকমল আৰু তাৰ দাতিকাষৰীয়া অঞ্চল ৷
জিলা প্ৰশাসনে জাৰি কৰা কন্টেইন মেন জনৰ নিৰ্দেশনাৱলীত উল্লেখ আছে ৷ পূবে এছ আৰ চি বি ৰোড ,পশ্চিমে এম এছ ৰোড, উত্তৰে এম জি ৰোড আৰু দক্ষিনে তৰুন ৰাম ফুকন ৰোডলৈ চীল কৰা হৈছে অঞ্চলটো ৷প্ৰশাসনৰ পৰৱৰ্তী নিৰ্দেশনা নপোৱা পৰ্যন্ত বাহাল থাকিব কন্টেইনমেন্ট জ’ন ৷ এই সময়চোৱাত অঞ্চলটোত কোনো ব্যক্তি বাহিৰত ওলোৱা সমোৱা কৰিব নোৱাৰিব ৷












