ASSAM TIMES POST
গুৱাহাটী : ক’ৰনা আতংকৰ মাজতে বুধবাৰে অসমত উপস্থিত হ’ব দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী প্ৰথমখন যাত্ৰীবাহী ৰেল।বিশেষ যাত্ৰীবাহী ৰেলখন ৰাজ্য সোমোৱা লগে-লগে ক’ৰনা এক নিৰ্ণায়ক পৰ্যায় আৰম্ভ হ’ব- এই গুৰুত্বপূৰ্ণ মন্তৱ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।আজি গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত ৰেলৰ জৰিয়তে বুধবাৰ পৰা অসমলৈ ঘূৰি আহিব লগা জনতাক উদ্দেশ্য কৰি এক সংবাদ মেল সম্বোধন কৰে।
তেওঁকয় দিল্লীৰ পৰা আৰম্ভ হোৱা বিশেষ যাত্ৰীবাহী ৰেল গাড়ীখন এক সপ্তাহ ধৰি চলিব।বুধবাৰে আহি পাব লগা প্ৰথম ৰেলগাড়ী খনত বিভিন্ন ক’ৰনা আক্রান্ত ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ ৮৪২ জন যাত্ৰীলৈ ডিব্ৰুগড় পাব।তাৰ পূর্বে কোকৰাঝাৰত ৮ জন, গুৱাহাটীত ৩৭ জন, মৰিয়নিত ২ জন যাত্ৰী নামিব-এই কথা মন্ত্ৰী শৰ্মাই কয়।উল্লেখ যে ডিব্ৰুগড়ত নামিব লগা ৮৪২জন যাত্ৰীৰ আধা সংখ্যক অৰুণাচলৰ।
তেওঁলোক আহি পোৱা পিছতে অৰুণাচল চৰকাৰে বাছৰ জৰিয়তে নিজ ৰাজ্যলে লৈ যাব বুলি মন্ত্ৰী শৰ্মাই জানিব দিয়ে।গুৰুত্বপূৰ্ণ কথা এই যে ডিব্ৰুগড়ত নামিব লগা অন্যসকল যাত্ৰী ৰাজ্য বিভিন্ন জিলা।নিজ-নিজ জিলাৰ যাত্ৰী সকলক ডিব্ৰুগড় ৰেল ষ্টেচনত স্বাস্থ্য পৰীক্ষাৰ কৰাৰ পিচতে নিৰ্দিষ্ট জিলাত ১৪দিনৰ কোৱাৰেণ্টাইন বাবে লৈ অহা হব।স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিব দিয়া অনুসৰি যিসকল ব্যক্তি দেহত কোনো লক্ষণ দেখা পোৱা নাযায় সেই সকলক নুমুনা টেষ্ট এতিয়া পৰা কৰা নহব।
যিহেতু প্ৰতিদিনে ৰেলৰ জৰিয়তে প্ৰায় ১২শ যাত্ৰী অসমলৈ আহিব।গতিকে সেইয়া সম্ভৱ নহব।তাৰ সলনি ১৪দিন কোৱাৰেণ্টাইন কৰা হব।বহিৰাজ্য পৰা আহিব লগা অসমৰ ব্যক্তি সংখ্যা যিহেতু বহুত বেছি গতিকে প্রতি জিলা প্ৰশাসনে নিজ- নিজ জিলাত থকা বিদ্যালয়, মহাবিদ্যালয়, অংগনবাড়ি কেন্দ্ৰ, ক্লাব আদি কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব।তাত কিছু কষ্টৰ মাজেৰে ১৪টা যিমানে ডাঙৰ ব্যক্তি নহওঁক সাধাৰণ ভাৱে জীৱন যাপন কৰিব লাগিব।
তাৰ বাবে অসমলৈ আহিব বিচাৰা ব্যক্তি সকলে দৃঢ় মনলৈ, ১৪টা দিন কষ্ট কোৱাৰেণ্টাইন হম বুলি আহিব লাগিব।অন্যথা আপুনি য’ত আছে তাতে থাকক-মন্ত্ৰী শৰ্মা কয়।হোম কোৱাৰেণ্টাইন সমূহ পূর্বতকৈ কঠোৰ হ’ব।যিটো ঘৰত হোম কোৱাৰেণ্টাইন কৰা হব তাক সম্পূৰ্ন চীল কৰা হব।তাত থকা পৰিয়াল সদস্য সকলো ওলাই আহিব নোৱাৰিব।তাৰ পৰ্যবেক্ষণৰ বাবে গাওঁবুঢ়া, ভিডিপি, ৱাৰ্ড মেম্বাৰ, আশা কর্মীক লৈ প্ৰতিখন গাঁৱত কমিটি গঠন কৰি দিয়া হ’ব।
মন্ত্ৰী শৰ্মাই কৰা অনুসৰি বৰ্তমানলৈ ৰাজ্য ১০ হাজাৰ খন গাঁৱৰ পৰা ছোৱাব সংগ্ৰহ কৰা হৈছে।৭৭৮২ গৰাকীৰ ব্যক্তিৰ জ্বৰ হৈ আছে সমগ্ৰ কৰা নুমুনা টেষ্ট কৰা হব।২০ হাজাৰ গাঁও এতিয়াও বাকী থকা কথা তেওঁ জানিবলৈ দিয়ে।
উল্লেখ যে যোৱা ৪ মে’ৰ পিছৰ পৰা শ্ৰীৰামপুৰ আৰু ছাগলীয়া গেটেৰে বহিৰাজ্য পৰা অসমলৈ ঘূৰি আহিছে ৩৫৯৭জন ব্যক্তি।তেওঁলোকক ৰাজ্য চাৰিটা ৰিজনেল কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে।একেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৩৭০৫জন অসমত প্ৰৱেশ কৰিছে।সেই সকলক নিজ-নিজ জিলাত কোৱাৰেণ্টাইন কৰা হৈছে-মন্ত্ৰী শৰ্মাই লগত কয়।













