ASSAM TIMES POST
ডিফু : বকলীয়াঘাটত আজি পুৱা বিদ্যুতস্পৃষ্টহৈ এগৰাকী ট্ৰাকৰ হেণ্ডিমেন আহত হয় ৷ঘটনাৰ বিৱৰণী অনুসৰি সামগ্ৰী কঢ়িয়াই অনা AS 02 C 1999 ট্ৰাকখন উক্ত স্থানেৰে পাৰহৈ যোৱা এক উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰৰ তলত ৰখাই থোৱা অৱস্থাত ট্ৰাকখনৰ হেণ্ডিমেনজন ট্ৰাকখনৰ হুডলৈ উঠি যোৱাত বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহি এই ঘটনা সংঘটিত হয় ৷


আহত হেণ্ডেমেনজনক ততালিকে বকলীয়াঘাট ৩০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ আহত প্ৰাপ্ত হেণ্ডিমেন গৰাকী ডিফুৰ সমীপৰ বিৰলাৰ দেৱ পাণিকা (২০) বুলি চিনাক্ত কৰা হৈছে ৷













