ASSAM TIMES POST
নগাঁও : লক ডাউনৰ মাজতে নগাঁৱত সংঘটিত এক জঘন্য ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। এগৰাকী কিশোৰীক বিয়া পতাৰ প্ৰলোভনেৰে নিজ ঘৰলৈ নি সংগ্ৰহ কৰে কিশোৰীগৰাকীৰ অশ্লীল ফটো।
নগাঁৱৰ পানীগাঁও দুৰ্গাবস্তিৰ যুৱক প্ৰতীক দাসৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ ।কেৱল ফটো সংগ্ৰহ কৰাই নহয় ফেচবুকত কেবাটাও ভুৱা একাউণ্ট খুলি কিশোৰীগৰাকীৰ অশ্লীল ফটো ভাইৰেল কৰিছে যুৱকজনে।
তীব্ৰ মানসিক চাপত পৰি কিশোৰীগৰাকীৰ লগতে পৰিয়ালৰ লোক স্থানীয় ইটাচালি আৰক্ষী চকীত উপস্থিত হৈ দাখিল কৰে এজাহাৰ। সম্প্ৰতি পলায়ন কৰা যুৱকজনৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।













