ASSAM TIMES POST
গুৱাহাটী :মাতৃৰ বাবে সন্তান কিমান আপোন হব পাৰে তাকে পুনৰবা প্ৰমাণ কৰিলে অসমৰ এগৰাকী মাতৃয়ে।সন্তানৰ স্বাৰ্থত মৃত্যুলৈ ভয় নকৰি মহামাৰী ক’ৰনা আক্রান্ত হোৱা ১৩বছৰীয়া কন্যা সন্তান ৰ সৈতে গুৱাহাটী মেডিকেল কলেজৰ কোভিড-১৯ কক্ষত আছে এগৰাকীৰ সুস্থ মাতৃ।
উল্লেখ যে মৰমৰ ১৩ বছৰীয়া কন্যা সন্তানৰ হাৰ্ট অপাৰেচন কৰি মুম্বাইৰ পৰা ঘূৰি অহাৰ পিছতে আজি কন্যা সন্তানৰ দেহত ধৰা পৰে মহামাৰী কোভিড-১৯।যিহেতু হাৰ্ট অপাৰেচন হৈ যোৱা ১৩বছৰীয়া কণমানি সন্তানক অকলে কোভিড-১৯ কক্ষত থোৱাটো সম্ভৱ নহয়।
গতিকে মৃত্যুকো তুচ্ছ জ্ঞান কৰি সন্তানৰ জীৱন সুৰক্ষাৰ স্বাৰ্থত মাতৃয়ো কোভিড-১৯ আক্রান্ত সন্তানৰ লগত জিএমচিএইচত আছে।এই কথা সংবাদ মেলত প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।তেওঁ মাতৃ গৰাকীৰ সন্তানৰ প্ৰতি থকা স্নেহক প্ৰমাণ জনাই।













