ASSAM TIMES POST
নিউজ ডেক্স
শিৱসাগৰৰ প্ৰথমজন ব্যক্তি দেহ ধৰা পৰিছে কোভিড-১৯।শনিবাৰে ৰাতি কোভিড-১৯ ধৰা পৰা যুৱক জনৰ বয়স ১৯বছৰ।গেলেকীৰ বিশিষ্ট ব্যৱসায়ী আব্দুল হাচিমৰ পুত্ৰ আব্দুল চেমিম৷ বৰ্তমান যোৰহাটৰ কাজিৰঙা ইউনিভাৰ্ছিটী কোৱাৰেণ্টাইন চেণ্টাৰত আছে যুৱকজন৷

দিল্লীৰ পৰা আহি যোৰহাটৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল যুৱকজন৷ যুৱকজনৰ লগত মাতৃও কাজিৰঙা ইউনিভাৰ্ছিটী কোৱাৰেণ্টাইন গৃহত আছে।মাতৃৰ সৈতে মুঠ আঠজন লোক দিল্লীৰ পৰা আহি যোৰহাটত উপস্থিত হোৱাৰ পিছতে কাজিৰঙা বিশ্ববিদ্যালয় চৌহদত থকা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল।
গুৰুত্বপূৰ্ণ কথাটো হ’ল যুৱকজনৰ শৰীৰত কোভিড–১৯ৰ কোনো লক্ষণ নাছিল। বৰ্তমান JMCHৰ COVID–19 কক্ষত যুৱকজনক ভৰ্তি কৰা হৈছে৷













