ASSAM TIMES POST
গুৱাহাটী :কোৱাৰেণ্টাইন চেণ্টাৰত থকা কেইজন অসমীয়া যুৱকৰ ব্যক্তিক্ৰমী প্ৰয়াস।দিল্লী পৰা আহি গুৱাহাটীৰ সৰুহজাই কোৱাৰেণ্টাইন চেণ্টাৰত থকা অসমৰ যুৱক কেইজন সামাজিক দূৰত্ব মানি চলি কোৱাৰেণ্টাইন কক্ষতে ৰাতি তুলিলে সংগীতৰ লহৰ।

এক সুন্দৰ সংগীতৰ মেহফিলৰ সবিশেষ যুৱক কেইজন প্ৰচাৰ কৰিছে নিজৰ ফেচবুক একাউন্টৰ জৰিয়তে।তেওঁলোকে সামাজিক মাধ্যমত ভিডিঅটো প্ৰকাশ কৰি লিখিছে এইদৰে “আমিবোৰ সংগীত ভালপোৱা শান্তিপ্ৰিয় মানুহ, য’তেই যাওঁ, নিজৰ কাৰণে এটা অনুকূল পৰিৱেশ এটা সাজি লওঁ”।
কোৱাৰেণ্টাইন কক্ষত থকা কৰ্মৰত স্বাস্থ্যকৰ্মী এগৰাকীয়ে জনোৱা আহ্বান পাছতে সকলো নিয়ম-মানি তেওঁলোকে আৰম্ভ কৰে সংগীতৰ লহৰ।সেই কথা লিখিছে এইদৰে “স্বাস্থ্যকর্মী গৰাকীয়ে কৈছিল “অ’ ভাইটি তোমালোকে গান-চান গাই থাকিবা চোন ইয়াত যি কেইটা দিন আছা।আমাৰো অলপ ভাল লাগে। কথাষাৰে ক’ৰবাত এখুন্দা দিলে- যুৱক জনে লিখিছে এইদৰে।
সেয়ে সামাজিক দুৰত্ব বজাই ৰাখি আৰু ল’বলগীয়া সাৱধানতাখিনি লৈ এনেকৈয়ে অলপ গালো।লগতে ৰাইজক আহ্বান জনায় যুৱক জনে লিখিছে এইদৰে “আমাৰ জীৱনবোৰ তেনেই থুনুকা আৰু দুদিনীয়া।সেয়ে, দুখতো হাঁহিবলৈ শিকক”।উল্লেখ যে সংগীতৰ ক্ষেত্ৰখনত জড়িত যুৱক কেইজন নাহকটীয়া, ৰঙিয়া ,চাবোৱা আদি বিভিন্ন স্থানৰ।













