ASSAM TIMES POST
পূৰ্বৰ তিনিটাকৈ লকডাউনৰ অভিজ্ঞতাই বৰ্তমান চতুৰ্থ পৰ্যায়ৰ লকডাউন কিদৰে আগবাঢ়িব লাগিব সেই সন্দৰ্ভত মহানগৰ জিলা কৰ্তৃপক্ষ আৰু বিভিন্ন বিভাগৰ মুৰব্বী সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হওঁক। এই কথা প্ৰকাশ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কয় “গুৱাহাটীত কোৰোনাত আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱা মূল কাৰণ হৈছে উত্তৰ পূৱৰ যিহেতু গুৱাহাটী দুৱাৰ মূখ।তাৰ বাবে মহানগৰত আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে।
কৃত্ৰিম বানপানীৰ বাবে বাৰিষা মহানগৰী জনতা কিছু সমস্যা সন্মুখীন হয় বুলি তেওঁ উল্লেখ কৰে। শ্বপিং মল , বিউটি পাৰ্লাৰ , চেলুন আদিত কাম কৰা মধ্যবিত্ত যুৱক যুৱতী লগতে বিভিন্ন শ্ৰেণী লোক লকডাউনৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।তেওঁলোকক কিদৰে সহায় কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰা হয় বৈঠকত।
কোৰোনা পৰা ৰক্ষা পাবলৈ নাগৰিক সকলৰ যথেষ্ট দায়িত্ব আছে ৷ সামাজিক ব্যৱধান মাস্ক পৰিধান কৰি চৰকাৰ নীতি-নিয়ম আৰু আইন সকলোৱে মানি চলা উচিত – মন্ত্ৰী ভট্টাচাৰ্য কয়।
গুৱাহাটী ৰাজপথত পিপি কিট পোৱাক লৈ মন্ত্ৰী গৰাকীয়ে কয় “পি পি কিট পিন্ধা ব্যক্তি গৰাকী দায়িত্ব আছিল সেইটো ব্যৱহাৰ কৰা পাছত তাক ডাষ্টবিনত বা ক’ত পেলাব লাগে “৷
ক্ষুদ্ৰ ছিলাই মেছিনবা অন্য ব্যৱসায় সকলৰ যাৰ ঋণ আছে লকডাউনৰ ফলত ব্যৱসায় বন্ধ ৰাখিব লগা হৈছে সেই সকলৰ ক্ষেত্ৰতো এটা উদ্যোগ লব বুলি জানিবলৈ দিয়ে ৷













