ASSAM TIMES POST
গুৱাহাটী: ৰাজ্যত ক’ভিড মুক্ত হ’ল আন ৭ গৰাকী লোক। ইয়াৰ ভিতৰত গুৱাহাটীত এগৰাকী, যোৰহাটত ২ আৰু শিলচৰত ৪ গৰাকীৰ ক’ভিড ফলাফল নিগেটিভ পোৱাৰ পিছতে মুকলি কৰি দিয়া হয় ৷ ক’ভিডত আক্ৰান্ত হোৱা GMCHৰ চিকিৎসক ডাঃ লিথিকেশ ডি.এছৰ লগতে ৭ গৰাকীক মুকলি কৰি দিয়া হয় বুধবাৰে ৷ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে GMCHৰ চিকিৎসক ডাঃ লিথিকেশ ডি.এছক মুকলি কৰি ৰাজ্যত ক’ৰোনাই উদ্ভৱ কৰা পৰিস্থিতি সন্দৰ্ভত কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷
ৰাজ্যত শেহতীয়াভাৱে বৃদ্ধি হোৱা সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আন কেতবোৰ ব্যৱস্থাও গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ৷ এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সোণাপুৰ-কালাপাহাৰ চিকিৎসালয় সম্পূৰ্ণ COVID চিকিৎসালয় হিচাপে গঢ় দিয়া হৈছে ৷ ইয়াৰোপৰি হোম কোৱাৰান্টাইন অধিক কাৰ্যকৰী কৰিবলৈও গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ৷ এই ক্ষেত্ৰত গাঁওবাসী জড়িত হলে অধিক ফলপ্ৰসু হ’ব এই ব্যৱস্থা ৷’













