ASSAM TIMES POST
নিউজ ডেস্ক:
বৃদ্ধি পায়েই আছে কৰোনা আক্রান্তৰ সংখ্যা। এতিয়াও চলিছে লকডাউন। সেই পৰিস্থিতিতে ৰিজার্ভ বেংঙ্ক অৱ ইন্ডিয়াই আৰু তিনি মাহত বাবে ঋণৰ ওপৰত মৰেটৰিয়াম বৃৃদ্ধি কৰিলে। ইয়াৰ পূৰ্বে মার্চৰ ২৭ তাৰিখে তিনি মাহৰ মৰেটৰিয়াম কথা জনাইছিল আৰবিআই-এ। দুটা পৰ্যায়ত, ছয় মাহৰ মৰেটৰিয়াম দিলে দেশৰ শীর্ষ বেংকটোৱে।
বেংকবোৰে এই তিনি মাহ সকলো গ্রাহকৰ পৰা ঋণ তোলা স্থগিত ৰাখিব পাৰে, অৰ্থাৎ তেওঁলোকক এতিয়াই ইএমআই দিবা নালাগে। ই কোনো কাৰণতেই ঋণ লোৱা ব্যক্তিৰ ক্রেডিট ইতিহাসৰ ওপৰত নেতিবাচক প্রভাব নেপেলায় বুলিও আৰবিআই-এ আশ্বস্ত কৰিছে।
সকলো বাণিজ্যক বেংকৰ ক্ষেত্রতেই এই সিদ্ধান্ত কার্যকৰী হ’ব। বাণিজ্যিক বেংকৰ ভিতৰত ৰিজিঅনেল ৰুৰেল বেংক, স্মল ফাইনেন্স বেংক আৰু লোকেল এৰিয়া বেংকও অন্তর্ভুক্ত। ইয়াৰ উপৰি কো-অপাৰেটিভ বেংক, এনবিএফচি (হাউজিং ফিনান্স কোম্পানি আৰু মাইক্রো ফিনান্স ইন্সটিটিউচন)য়েও মানিব লাগিব এই সিদ্ধান্ত। সর্বভাৰতীয় ফাইনেন্স কোম্পানিসমূহকো এই সুবিধা দিয়া হৈছে।











