ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ প্ৰভাৱত কৰোনাৰ সংক্রমণ হয়তো কিছু কমিছে। কিন্তু নিচলা মানুহ খুব সমস্যাত পৰিছে। খোজকাঢ়িয়ে অন্য ৰাজ্যৰ পৰা ঘৰলৈ উভতিব গৈ বহু শ্রমিক মৃত্যুমুখত পৰিছে। এইবোৰৰ মাজতেই এইবাৰ আৰু এক মর্মান্তিক ছবি। ভোকৰ জ্বালাত ৰাস্তাত পৰি থকা মৰা কুকুৰৰ দেহৰ পৰা মাংস কামুৰি খাইছে এজন যুৱকে।
সেই ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। এনেকুৱা মর্মান্তিক ভিডিও দেখি শিয়ঁৰি উঠিব লগা হয়।ৰাজস্থানৰ জয়পুৰৰ ওচৰৰ দিল্লী-জয়পুৰ হাইৱেৰ ওপৰত তোলা হৈছিল সেই ভিডিও। তাত দেখা গৈছে, এজন ব্যক্তিয়ে ৰাস্তাৰ কাষত এটি মৰা কুকুৰৰ দেহৰ পৰা মাংস ছিঙি খাইছে।
কিছুক্ষণ পিছত দেখা যায়, এজন ব্যক্তিয়ে গাড়ীৰ পৰা নামি সেই ব্যক্তিজনক এটি খোৱাবস্তুৰ পেকেট আৰু পানীৰ বটল দিয়ে। কিন্তু সেই ভিডিও দেখি বহুতেই শিয়ঁৰি উঠিছে। লকডাউন আৰু ভোকৰ জ্বালাত মানুহৰ কিমান শোচনীয় অৱস্থা, সেয়াই যেন বুজাই দিছে এই ভিডিওটোৱে।
সমগ্ৰ দেশত বহু শ্রমিকৰ মৃত্যুৰ কাৰণ হৈছে এই লকডাউন। খালী পেটে গর্ভৱতী মহিলাৰ পৰা আৰম্ভ কৰি অসুস্থ শ্রমিক, অনেকেই পাৰ কৰিছে হাজাৰ হাজাৰ কি:মি: ৰাস্তা। ভোকৰ জ্বালাত মাজ ৰাস্তাতেই মাৰা গৈছেন কোনোবা। কাৰোবাক আকৌ পিহি নিছে মালগাড়ীয়ে।











