ASSAM TIMES POST
নিউজ ডেস্ক:
মানুহ আৰু অন্যান্য প্রাণীৰ শৰীৰত ক্ষতিকাৰক প্রভাৱ পেলোৱা এনেকুৱা ২৭বিধ কীটনাশক (Pesticides) নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্রীয় চৰকাৰে। অৱশ্যে এই কীটনাশকসমূহ নিষিদ্ধ কৰাৰ পূর্বে প্রস্তুতকাৰক সংস্থাসমূহৰ মতামত বিচৰা হ’ব।
জানিব পৰা মতে, ৬৬বিধ কীটনাশকৰ ওপৰত পর্যবেক্ষণ চলাই ২৭বিধক সংক্ষিপ্ত তালিকাভুক্ত কৰা হৈছে। এই ২৭বিধ কীটনাশকৰ ব্যৱহাৰে মানুহসহ অন্যান্য প্রাণীৰ শৰীৰত ক্ষতিকাৰক প্রভাৱ পৰিছে বুলি পর্যালোচনাত ধৰা পৰিছে।
কেন্দ্রীয় কৃষি মন্ত্রনালয়ৰ (Agriculture ministry) এগৰাকী বিষয়াই জনায়, “আমই এই কীটনাশসমূহ নিষিদ্ধ ঘোষণাৰ বাবে এটি খচৰা গেজেট বিজ্ঞপ্তি প্রকাশ কৰিছোঁ। প্রস্তুতকাৰক সংস্থাসমূহৰ মতামত জনাৰ পিছত এই বিষয়ে চূড়ান্ত বিজ্ঞপ্তি জাৰি কৰা হ’ব। বিগত ১৪ মে’ৰ পৰা আৰম্ভ কৰি পৰবর্তী ৪৫ দিনৰ ভিতৰত সংস্থাসমূহে নিজৰ আপত্তিৰ কথা জনাব পাৰে।”











