ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনাৰ প্ৰকোপত দিশহাৰা হোৱা বিশ্ববাসীৰ বাবে কিছু সকাহ। আশাৰ ৰেঙনি দেখা গৈছে ক’ৰোনা ভেকচিনৰ পৰীক্ষামূল প্ৰয়োগৰ সফলতাত। বৰ্তমান ব্ৰিটেইনত চলি আছে এই ভেকচিনৰ ট্ৰায়েল।

প্ৰথম পৰ্যায়ত ১০জন ব্যক্তিৰ দেহত প্ৰয়োগৰ পিছত লাভ কৰা সফলতাৰ পিছত এতিয়া পৰীক্ষকৰ দল সাজু হৈছে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে। উল্লেখযোগ্য যে শিশুকে ধৰি বিভিন্ন বয়স গ্রুপৰ প্ৰায় ১০ হাজাৰ লোকৰ দেহত এই ভেকচিন পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা হ’ব।
দ্বিতীয় পৰ্যায়ত যদি বিজ্ঞানীসকলে সফলতা লাভ কৰে তেন্তে এয়া হ’ব সমগ্ৰ বিশ্বৰ বাবে সকাহ।অক্সফোৰ্ডৰ জেনাৰ ইনষ্টিটিউটৰ এগৰাকী গৱেষকৰ মতে, ক্লিনিকেল অধ্যয়ন ভালদৰেই আগবাঢ়িছে। এতিয়া শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ সামৰি লোৱা হ’ব এইপৰীক্ষাত।
উল্লেখযোগ্য যে, অক্সফোৰ্ডৰ গৱেষকসকলে প্ৰথম অৱস্থাত ৬টা বান্দৰৰ দেহত প্ৰয়োগ কৰি লাভ কৰিছিল সফলতা। পৰৱৰ্তী পৰ্যায়ত ১০ জন মানুহৰ দেহত এই ভেকচিন প্ৰয়োগৰ পিছত মানুহৰ দেহতো কাম কৰা বুলি গৱেষকসকলে জনাইছে।
কিন্তু এই ভেকচিন কেতিয়ালৈকে সম্পূৰ্ণৰূপে তৈয়াৰ হ’ব তাক এতিয়াই ক’ব নোৱাৰি বুলি জনাইছে গৱেষকসকলে। তেওঁলোকৰ মতে, দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ ওপৰতে নিৰ্ভৰ কৰিব ইয়াৰ পৰৱৰ্তী চিন্তা।











