ASSAM TIMES POST
বোকাখাতঃ বৈচিত্ৰময় অসমৰ পাঠ্যক্ৰমক লৈ ছেবাই যোৱা ২৬ জুলাইত যি জাননী জাৰি কৰিছিল সেই জাননীত ক্ষুদ্ধ হৈ পৰিছে চুতীয়া জনগোষ্ঠী। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতিৰে যোৱা ২ আগষ্টৰ দিনৰ ৩ বজাত বোকাখাত পুলিচ পইণ্টত বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ছেবাৰ জাননী প্ৰতিলিপি দাহ কৰি ‘অসম মাধ্যমিক শিক্ষা পৰিষদ হায় হায়’, শিক্ষা বিভাগ হায় হায়, শিক্ষা বিভাগৰ মইমতালি নচলিব, চুতীয়া জনগোষ্ঠীক কৰা প্ৰতাৰণা সহ্য কৰা নহব, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ আদিৰে প্ৰতিবাদ সাব্যস্ত কৰে।

অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ ভাষাৰ, কৃষ্টি, সংস্কৃতিৰ সামৰি’ বৈচিত্ৰময় অসম গঢ় লৈছে।চুতীয়া জাতি বুৰঞ্জী ২০০৭ চনতে প্ৰকাশ হ’ল, সেই আলমতে ছাত্ৰ-ছাত্ৰীসকলক বুৰঞ্জীখন অধ্যয়ন কৰা সুযোগ দিব লাগিছিল। এই বিষয়টো শিক্ষা বিভাগে গুৰুত্বৰ নিদিয়াত চুতীয়া ছাত্ৰ সন্থা ক্ষোভিত হৈ পৰিছে। চুতীয়াৰ কৃষ্টি, সংস্কৃতিৰ মহানতা শিক্ষা বিভাগে উপলব্ধি নকৰাত আচৰিত হৈছে। ছেবাই এই চুতীয়া বিৰোধী জাননী বাতিল কৰি চুতীয়া জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰি পুনৰ জাননী জাৰি নকৰালৈকে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা সভাপতি মণ্টু শইকীয়া আৰু সাধাৰণ সম্পাদক লাচিত কাকতিয়ে প্ৰেছ বিবৃত্তি যোগে জানিবলৈ দিয়ে।













