ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:
সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত পূৰ্ণ গতিত চলি থকা লকডাউনৰ মাজতে কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ছিলধৰমপুৰ নামৰ ঠাইত শনিবাৰে প্ৰায় এক বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

উল্লেখ্য যে ডকমকা নগৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগত প্লাষ্টিকৰ পাইপ আৰু অন্যান্য সামগ্ৰীৰে পৰিপূৰ্ণ AS 02 BC 5087 নম্বৰৰ তীব্ৰ বেগীএখন টাটা মবাইল নগাওঁৰ পৰা ডকমকা অভিমুখে আহি থকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড খুণ্ডা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
এই দুৰ্ঘটনাত অনুমানিক ৫০ বছৰীয়া আব্দুল হক নামৰ লোকজন থিতাতে নিহত হোৱাৰ লগতে অনুমানিক ৪৫ বছৰীয়া সঞ্জীৱ বিশ্বাস নামৰ আন এজন লোক গুৰুতৰ ভাৱে আহত হয় । নিহত আব্দুল হক নগাওঁ জিলাৰ সদৰ থানা এলেকাধীন গৰৈমাৰী আৰু আহত সঞ্জীৱ বিশ্বাস নগাওঁ জিলাৰ সদৰ থানা এলেকাৰ কৃষ্ণ নগৰৰ বুলি চিনাক্ত কৰা হৈছে ৷













