ASSAM TIMES POST
নিউজ ডেস্ক:
তেলেঙ্গানাৰ এটি পৰিত্যক্ত কুঁৱাৰ পৰা উদ্ধাৰ হয় এটি বঙালি পৰিয়ালৰ ছজন সদস্যসহ মুঠ ৯জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃতদেহ। ঘটনাটো ঘটে ৱাৰেঙ্গল গ্রামীণ জিলাৰ গোৰেকুন্তা গাঁওত। অৱশ্যে তেওঁলোকে আত্মহত্যা কৰিছে নে কোনোবাই তেওঁলোকক হত্যা কৰিছে সেয়া এতিয়াও আৰক্ষীয়ে উদ্ঘাটন কৰিব পৰা নাই।
আনহাতে, মৃতদেহসমূহত কোনো আঘাতৰ চিন নথকাত বিষয়টোক লৈ ৰহস্যৰ সৃষ্টি হৈছে।স্থানীয় সূত্রে জানিব পৰা মতে, যোৱা বৃহস্পতিবাৰে প্রথম গোৰেকুন্ত গাঁওৰ এই পৰিত্যক্ত কুঁৱাটোৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ হয়। পিছদিনা পুনৰ আৰু পাঁচজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। পিছত জনা যায়, মৃতদেহৰ ভিতৰত ছজন একেই পৰিয়ালৰ।
তেওঁলোকৰ ভিতৰত পৰিয়ালটোৰ মুৰব্বী মাকচুদ আলম, পত্নী নিশা আলম, দুই পুত্ৰ চোহেল আৰু ছাবাদ, এজনী ছোৱালী আৰু তিনি বছৰৰ নাতি। ইয়াৰ উপৰি বাকী তিনিজন হ’ল বিহাৰৰ বাসিন্দা শ্রীৰাম আৰু শ্যাম আৰু ত্রিপুৰাৰ বাসিন্দা ছাকিল আহমেদ।
২০ বছৰ পূৰ্বে পশ্চিমবঙ্গৰ পৰা তেলেঙ্গানালৈ আহি চতি বেগ তৈয়াৰীৰ কাৰখানাৰ কাম কৰিছিল মাকচুদে। ছাকিল, শ্রীৰাম আৰু শ্যামে তেওঁৰ লগতেই এই কাৰখানাত কাম কৰিছিল। কিন্তু লকডাউনৰ বাবে কাৰখানা বন্ধ থকাত দুমাহ ধৰি কর্মহীন হৈ পৰিছিল। মাকচুদৰ ছোৱালীৰ জন্মদিন উপলক্ষে তেওঁলোকে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰিছিল। তাৰ পিছৰ পৰাই তেওঁলোক সন্ধানহীন হৈ পৰিছিল।











