ASSAM TIMES POST
নিউজ ডেক্স:
১৫ বছৰৰ পৰিশ্ৰম মাত্ৰ ১৫ মাহতে মাটিত মিলি গ’ল৷ জ্যোতিৰাদিত্য সিন্ধিয়াৰ ‘প্ৰৱঞ্চনা’ত মধ্য প্ৰদেশত ক্ষমতা হেৰুৱালে কংগ্ৰেছে৷ কিন্তু কমল নাথ মৌন হৈ থকা মানুহ নহয়৷ সিন্ধিয়াৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা আৰু ভূপালৰ আসন তেওঁ পুনৰ ঘুৰাই আনিব৷
সেয়ে উপ নিৰ্বাচনত বিজেপিক হৰুৱাবৰ বাবে কমৰত টঙালি বান্ধি নামিছে কংগ্ৰেছ৷ এই লক্ষ্যৰে ৰণকৌ তৈয়াৰৰ দায়িত্ব দিয়া হৈছে দেশৰ সৰ্বাধিক জনপ্ৰিয় নিৰ্বাচনী পৰামৰ্শদাতা প্ৰশান্ত কিশোৰক৷ অহা চাৰি মাহত ২৪ খন আসনত মধ্য প্ৰদেশত উপ নিৰ্বাচন হ’ব৷ ইয়াৰ মাজত ২২ খন আসন সিন্ধিয়াৰ ঘনিষ্ঠসকলে পদত্যাগ কৰি বিজেপিত যোগ দিছে৷
তাৰে কেইজনমান মন্ত্ৰী হৈছে৷ ৰাজ্যত ক্ষমতা ধৰি ৰাখিবলৈ অন্তত আধা আসন জিকিব লাগিব৷ কাৰণ এই মুহূৰ্তত নিৰ্দলীয়, সমাজবাদী পাৰ্টি আৰু বহুজন সমাজবাদী পাৰ্টিৰ বিধায়কৰ ভৰসাত চলিছে চৰকাৰ৷ যিসকলৰ ওপৰত বেছি ভৰসা কৰা নহয়৷ আনহাতে কংগ্ৰেছে চাইছে সিন্ধিয়াৰ এই ২২খন আসনৰ ভিতৰত ২০খন দখল কৰিবলৈ৷
সেই লক্ষ্যৰে তিনিটা পৰ্যায়ত তেওঁ পৰিকল্পনা কৰিছে৷ প্ৰথমটো হ’ল ৰণকৌশল তৈয়াৰৰ দায়িত্ব দিয়া হৈছে প্ৰশান্ত কিশোৰক৷ দ্বিতীয়তে প্ৰচাৰৰ বাবে৷বিজ্ঞাপনৰ দায়িত্ব দিয়া হৈছে ক’ৰপ’ৰ্টৰ হাতত আৰু তৃতীয়তে দলৰ বৰ্ষীয়ান নেতাক ঘুৰাই আনি সিন্ধিয়াৰ সমৰ্থকৰ বিৰুদ্ধে যুঁজত নমা৷
এই পৰ্যায়ত বিক্ষুব্ধ বিজেপি নেতাসকলকো দললৈ টানি অনাৰ চেষ্টা কৰিছে ‘হাত’ শিবিৰে৷ কংগ্ৰেছৰ বিশ্বাস, নিজৰ ১৫ মাহৰ কামৰ প্ৰচাৰ সঠিকভাৱে কৰিলে সিন্ধিয়াৰ ঘনিষ্ঠসকলে হাৰি দিয়াৰ সম্ভাৱনা আছে৷ যিহেতু সিন্ধিয়াৰ যোগদানৰ ফলত বিজেপি কৰ্মী ক্ষুব্ধ হৈছে৷
তেওঁলোকৰ ক্ষোভ কামত লগোৱাৰ পৰিকল্পনা কৰিছে হাত শিবিৰে৷ উল্লেখ্য যে শেহতীয়া লোকসভা নিৰ্বাচনত পৰাস্ত হৈছিল সিন্ধিয়া৷ ইয়াৰ অৰ্থ এয়া৷ নহয় যে তেওঁক পৰাস্ত কৰিব পৰা যাব৷ উল্লেখ্য যে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনতো মধ্য প্ৰদেশত কংগ্ৰেছৰ পৰামৰ্শদাতা আছিল প্ৰশান্ত কিশোৰ৷













