ASSAM TIMES POST
নিউজ ডেক্স
ক’ৰোনাৰ পাছতে বিশ্বজুৰি বাঢ়িছে ঘৃণা, অসহিষ্ণুতা আৰু মুছলিম বিদ্বেষ৷ যিটো ৰোধ কৰিবলৈ বদ্ধপৰিকৰ ৰাষ্ট্রসংঘ৷ ইছলামিক দিশবোৰৰ সৈতে হোৱা বৈঠকত এনেদৰে কয় ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনী গুতেৰেছে৷ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে কয়, আমি জাতিগত জাতীয়তাবাদ, মুছলিম বিদ্বেষ আৰু ঘৃণা বৃদ্ধিৰ প্ৰতিবাদত একেলগে সৰব হ’ব৷
বিশ্বজুৰি মহামাৰী ৰূপ লৈছে ক’ৰোনাই৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পৃথিৱী ইমান বৃহৎ বিপৰ্যয়ৰ মুখত পৰা নাছিল৷ সম্প্ৰতি মানৱ জাতিৰ সকলোতকৈ বৃহৎ শত্ৰু হ’ল ক’ভিড-১৯৷ বিশ্বৰ প্ৰায়বোৰ দেশেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই মহামাৰীৰ কৱলত পৰিছে৷
স্বাস্থ্য আৰু আৰ্থিক ব্যৱস্থা এই সংকটৰ মুহূৰ্তত সকলোৰে অলক্ষিতে বাঢ়িছে হিংসা আৰু ঘৃণা৷ সচিব প্ৰধানজনৰ মতে ক’ৰোনাৰ লগতে বিশ্বজুৰি মুছলিম বিদ্বেষ বিয়পি পৰিছে৷ ই বন্ধ হোৱাৰ প্ৰয়োজন৷
তেওঁ কয়, এতিয়া আগতকৈ বহু বেছি আমাৰ মাজত সংহতি আৰু সহাৱস্থানৰ প্ৰয়োজন৷ আমাৰ সংহতি প্রয়োজন জাতিগত জাতীয়তাবাদ, ঘৃণা, ভূৱা খবৰ আৰু উচতনিমূলক বক্তব্যৰ বিৰুদ্ধেও৷











