ASSAM TIMES POST, প্ৰশান্ত বৰা, বকলীয়াঘাট: প্ৰকৃতিৰ বৰ্ণাঢ্য অৱদানেৰে চহকী কাৰ্বি আংলঙৰ অৰণ্যাঞ্চল বিভিন্ন বিৰল প্ৰজাতিৰ বনৰীয়া জীৱ জন্তুৰ অন্যতম নিৰাপদ বাসস্থান হিচাপে পৰিগণিত হৈ আহিছে। পাহাৰীয়া জিলাখনৰ কেইবাখনো সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে পাহাৰীয়া এলেকাত বিভিন্ন প্ৰজাতিৰ পশু- পক্ষী, সৰীসৃপকে ধৰি জীৱকূলে বিচৰণ কৰি আহিছে ।
কিন্তু জিলাখনত শেহতীয়াকৈ ব্যাপক হাৰত অব্যাহত থকা বনজ সম্পদৰ ধ্বংস, জনবসতিপূৰ্ণ এলেকাৰ দ্ৰুত সম্প্ৰসাৰণ, একাংশ অসৎ চোৰাং চিকাৰীৰ আৱিৰ্ভাবকে ধৰি কেতবোৰ কাৰকৰ বাবে পাহাৰীয়া এলেকাটোৰ বন্যপ্ৰাণীসমূহৰ অস্তিত্বলৈ প্ৰচণ্ড ভাবুকি নামি আহিছে ।
কাজিৰঙাত হোৱা প্ৰবল বানপানীৰ ফলত কাৰ্বি আংলঙৰ পাহাৰত আশ্ৰয় লোৱা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াক বধ কৰি সৰবৰাহ কৰা ছাল, মূৰৰ খোলা, হাড় আদি অংগ অলপতে জিলাখনৰ উত্তৰ বৰবিলৰ আৰক্ষীয়ে জব্দ কৰাৰ ঘটনাই প্ৰকৃতি প্ৰেমীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে এইবাৰ অতি দুষ্প্ৰাপ্য প্ৰজাতিৰ ধনেশ পক্ষী বজাৰত বিক্ৰীৰ বাবে অনাৰ এটা ঘটনা পোহৰলৈ আহিছে ।
প্ৰাপ্ত তথ্য অনুসৰি, অলপতে কোনৎ লোকে দুটাকৈ ধনেশ পক্ষীৰ পোৱালি বজাৰলৈ বিক্ৰীৰ বাবে আনে যদিও বনকৰ্মীৰ দলে উক্ত তথ্য লাভ কৰাৰ পিছতে দুয়োটা চৰাইসহ দুৰ্বৃত্তটো উক্ত স্থানৰ পৰা উধাও হয় । বন বিভাগৰ বকলীয়াঘাটস্থিত নৰ্ডাৰ্ন ৰেঞ্জৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিলুপ্তপ্ৰায় প্ৰজাতিৰ এইবিধ চৰায়ে সাধাৰণতে পাহাৰৰ অতি ওখ গছত বাস কৰে।
মাৰাত লংৰি অভয়াৰণ্য অথবা সিংহাসন পাহাৰৰ ওখ স্থানত বসতি কৰা ধনেশ চৰাইৰ পোৱালি দুটা কোনো দুৰ্বৃত্তই ধৰি বজাৰত বিক্ৰীৰ অপচষ্টা চলোৱা বুলি জানিবলৈ দিছে । দুৰ্বৃত্তৰ কবলৰ কৰা চৰাই দুটা উদ্ধাৰ কৰাৰ বাবে বিভাগে অভিযান অব্যাহত ৰাখিছে যদিও অদ্যাপি ইয়াৰ কোনো সন্ধান উলিয়াব কৰা নাই ।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, পাহাৰীয়া অঞ্চলত বসবাস কৰা একাংশ লোকে সময়ে সময়ে অজ্ঞতাৰ বাবেও বন্যপ্ৰাণী ধৰি এনেদৰে মুকলি বজিৰলৈ বিক্ৰীৰ বাবে আহে । এনেক্ষেত্ৰত পাহাৰীয়া এলেকাসমূহত সাধাৰণ জনতাৰ মাজত বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ ব্যৱস্থা নল’লে এনে কাৰ্য পুনৰ সংঘটিত হোৱাৰ সম্ভাৱনা অধিক।













