ASSAM TIMES POST
নগাঁও: নগাঁও সংসদীয় সমষ্টিৰ সাংসদ প্ৰদ্যু্ৎ বৰদলৈৰ বিৰুদ্ধে নগাঁও চহৰৰ বিভিন্ন স্থানত কোনো অচিন লোকে পোষ্টাৰিং কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে লকডাউনৰ পূৰ্বৰে পৰা নতুন দিল্লীত থকা কংগ্ৰেছ সাংসদ জনক লৈ চ’ছিয়েল মিডিয়াতো বিতৰ্কৰ সৃষ্টি হৈছিল।
ক’ৰোন ভাইৰাছৰ এনে দুৰ্যোগৰ সময়ত নগাঁৱৰ সাংসদ গৰাকী সমষ্টিবাসীৰ কাষত থকাৰ পৰিৱৰ্তে দিল্লীত থকাক লৈ এচাম লোকে তীব্ৰ সমালোচনাও কৰিছিল। ইপিনে সাংসদ গৰাকীক লৈ চলা এনে সমালোচনাৰ বিপৰীতে কংগ্ৰেছ শিবিৰে সাংসদ বৰদলৈয়ে দিল্লীত থাকিয়েই সমষ্টিবাসীৰ সকলো ধৰণৰ খা -খবৰ লৈ থকা বুলিও প্ৰত্যুত্তৰ দিছিল।

আনহাতে সাংসদ গৰাকীয়েও ফেচবুক আৰু টুইটাৰ লাইভৰ যোগেদি সমষ্টি বাসীক সম্বোধন কৰিছিল। পৰৱৰ্তী পৰ্য্যায়ত প্ৰদেশ যুৱ-কংগ্ৰেছৰ উপসভাপতি মৃণাল হাজৰিকাই সমষ্টিৰ বিভিন্ন লোকক মাস্ক, চেনিটাইজাৰ আদি বিতৰণ কৰি সেয়া প্ৰদ্যুৎ বৰদলৈৰ দ্বাৰা প্ৰেৰণ কৰা বুলিও সংবাদ মাধ্যমক জনাইছিল।
ইয়াৰ পিছতে ক’ৰোনা ভাইৰাছত আক্ৰান্ত নগাঁৱৰ এগৰাকী ৰোগীক লৈ যুৱ কংগ্ৰেছৰ নেতা মৃণাল হাজৰিকাই কৰা এটা টুইটাৰ পোষ্টৰ আলমত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে স্বাস্থ্য বিভাগক সমালোচনা কৰা পৰিলক্ষিত হৈছিল । ইয়াৰ প্ৰত্যুত্তৰত সাংসদ গৰাকীক উভতি ধৰিছিল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই।
কিন্তু শেহতীয়াভাৱে কোনো অচিনাক্ত ব্যক্তিয়ে নগাঁও চহৰৰ মিচন মাৰ্কেট, নগাঁও মহাবিদ্যালয় চৌহদৰ দেৱাল, বৰবজাৰ, ঢাকাইপট্টি আদি স্হানত সাংসদ গৰাকীৰ সন্ধান বিচাৰি কৰা পোষ্টাৰিং আজি চহৰবাসীৰ দৃষ্টি গোচৰ হয় ।
আনহাতে নগাঁও সংসদীয় সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ বিগত ছমাহে নিৰুদ্দেশ হৈ থকা বুলি উল্লেখ কৰি সাংসদ গৰাকীৰ সন্ধান পালে নিকটবৰ্তী থানাত খবৰ দিবলৈ অনুৰোধ জনাই কৰা এই পোষ্টাৰিংক লৈ ক্ষুদ্ধ হৈ পৰিছে নগাঁৱৰ কংগ্ৰেছ শিবিৰ। তেওঁলোকৰ মতে এয়া একাংশ লোকৰ নিকৃষ্ট ৰাজনীতি।
এনে পোষ্টাৰিং কাৰ্যৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ উপসভাপতি মৃণাল হাজৰিকাই নগাঁও জিলা উপায়ুক্তক অভিযোগ দাখিল কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে । আনহাতে সাংসদ গৰাকীৰ ঘনিষ্ঠ মহলে এই পোষ্টাৰিং কাৰ্য সন্দৰ্ভত আৰক্ষীক গোচৰ দিয়া বুলিও জানিব পৰা গৈছে।
যোৱা নিশা মুষলধাৰ বৰষুণৰ মাজতে কোনে এই পোষ্টাৰিং কাৰ্য সংঘটিত কৰিলে সেই বিষয়ে কোনো সম্ভেদ লাভ কৰা নাই নগাঁও আৰক্ষীয়ে। দুৰ্যোগৰ সময়ত সাংসদ গৰাকীৰ অনুপস্থিতিয়ে ৰাইজক ক্ষোভিত কৰি তোলাৰ বাবেই কিছূ লোকে এনে পন্থাৰ আশ্ৰয় লোৱা বুলি একাংশ লোকে কব খোজে।
ইপিনে এই পোষ্টাৰিং কাৰ্যক আমোদজনক ঘটনা বুলি সামাজিক মাধ্যমত মত প্ৰকাশ কৰি সাংসদ বৰদলৈয়ে বিজেপি দলে তেওঁক আক্রমণৰ লক্ষ্য কৰি লোৱা বুলিও অভিযোগ কৰে। আনহাতে লকডাউনৰ বাবে দিল্লীত আবদ্ধ হৈ পৰা সাংসদ গৰাকীয়ে সমষ্টিবাসীৰে সম্পৰ্ক ৰক্ষা কৰি অহা বুলি উল্লেখ কৰি দুই এদিনতে অসমত উপস্থিত হবহি বুলিও জনায় ।













