ASSAM TIMES POST
নিউজ ডেক্স
ক’ৰোনাৰ কৱলত পৰা আমেৰিকাত এতিয়া হাহাকাৰ৷ মৃত্যু হোৱা লোকৰ সংখ্যা এক লাখ হোৱাৰ পথত৷ দেওবাৰে এই মৃতসকলৰ প্ৰতি সন্মান জনালে ‘নিউ ইয়ৰ্ক টাইমছে’৷ এই মৃতসকলৰ হাজাৰজনৰ নাম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰে৷

তাৰ লগতে এটা বাক্যৰে স্মৃতিকথাও লিখিছে৷ কাকতখনৰ এই কথাত শলাগ লৈছে দেশবাসীয়ে৷ উল্লেখ্য যে বিশ্বজুৰি মহামাৰীৰ ৰূপ লৈছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে৷ ইয়াৰ মাজত অতি গুৰুতৰ অৱস্থা মহাশক্তিশালী আমেৰিকাত৷ বিশ্বৰ আক্ৰান্ত আৰু মৃতৰ সংখ্যাৰ শীৰ্ষত আছে আমেৰিকা৷
আমেৰিকাত এই পৰ্যন্ত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৬ লাখ৷ তাৰ মাজত মৃত্যু হৈছে ৯৮,৬৮৩জনৰ৷ এই সমগ্ৰ বিষয়টো ডনাল্ড ট্ৰাম্পৰ ব্যৰ্থতা বুলি প্ৰতিপন্ন হৈছে৷ এইদৰে দেশবাসীয়ে অভিযোগ কৰিছে৷ দেওবাৰে নিউ ইয়র্ক টাইমছ কাকতৰ প্ৰথম পৃষ্ঠাত হাজাৰজন মৃতৰ নাম দিয়া হৈছে৷
লগতে এটা বাক্যৰে স্মৃতিচাৰণ কৰিছে৷ প্ৰথম পৃষ্ঠাৰ শিৰোনামাত লিখিছে, ‘আমেৰিকাত মৃতৰ সংখ্যা এক লাখৰ ওচৰত৷ ই এক অভাৱনীয় ক্ষতি’৷ এই তালিকাত আছে গ্ৰেমি পুৰস্কাৰপ্ৰাপক জো ডিফি, হাভাৰ্ড ল স্কুলৰ পৰা নিউ ইয়ৰ্কৰ প্ৰথম কৃষ্ণাংগ স্নাতক মহিলা লাইলা এ ফেনউইক আদিৰ লগতে বহু সাধাৰণ লোক৷











