ASSAM TIMES POST
নিউজ ডেস্ক:
সোমবাৰৰ পৰা আৰম্ভ হ’ব অন্তদেশীয় বিমান। অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাও আৰম্ভ হ’ব বুলি অনুমান কৰা হৈছে। কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে প্ৰকাশ কৰা মতে, ‘সকলো ঠিকে থাকিলে আগষ্ট-ছেপ্টেম্বৰৰ পূৰ্বেই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হ’ব।
এইক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰণালয়ে বিদেশৰ পৰা ঘূৰি আহিবলগীয়া লোকসকলৰ বাবে জাৰি কৰিছে বিশেষ নিৰ্দেশনা।
এই নিৰ্দেশনা তলত দিয়া ধৰণৰ:
# বিদেশৰ পৰা উভতি অহা লোকসকলে ১৪ দিন কোৱাৰেণ্টাইনত থাকিব লাগিব।
# ইয়াৰে প্ৰথম ৭ দিন চৰকাৰৰ তত্ত্বাৱধানত থাকিব লাগিব যদিও সকলো খৰচ নিজে বহন কৰিব লাগিব। বাকী ৭ দিন থাকিব লাগিব নিজৰ ঘৰতে।
# চৰ্তসাপেক্ষে ১৪ দিনৰ হোম কোৱেণ্টাইনৰো অনুমতি দিব পাৰে। গুৰুতৰভাৱে অসুস্থসকলক এইক্ষেত্ৰত অনুমতি দিয়া হ’ব। কিন্তু তেওঁলোকে বাধ্যতামূলকভাৱে আৰোগ্য সেতু এপ ডাউনলোড কৰিব লাগিব।
# বিমান, জাহাজ বা বাছেৰে আহিবলগীয়া সকলো যাত্ৰীয়েই এই নিৰ্দেশাৱলী মানিব লাগিব।
# কোৰোণা পজিটিভ বা লক্ষণ দেখা দিয়া যাত্ৰীৰ বাবে উপৰোক্ত অনুমতি প্ৰযোজ্য নহ’ব।
# বিদেশৰ পৰা ঘূৰি আহিবলগীয়া যাত্ৰীসকলৰ বাবে ৰাজ্য চৰকাৰেও পৃথকে নিৰ্দেশনা প্ৰস্তুত কৰিব পাৰিব।
# দেশলৈ উভতাৰ পিছত যাত্ৰীসকলৰ থাৰ্মেল স্ক্ৰীণিং কৰা হ’ব। কোৰোণাৰ লক্ষণে দেখা দিলে লগে লগে চিকিত্সালয়ত ভৰ্তি কৰা হ’ব।
# সাধাৰণ লক্ষণে দেখা দিলেও কোৱাৰেণ্টাইন কেন্দ্ৰলৈ পঠিওৱা হ’ব।
# গুৰুতৰ লক্ষণে দেখা দিলে কৰোনাৰ বাবে থকা বিশেষ ৱাৰ্ডত ভৰ্তি কৰোৱা হ’ব।











