ASSAM TIMES POST
গুৱাহাটীঃ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এখনি হাতে লিখা ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে জনতাৰ চৰকাৰ মাই গভ অসমে। সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থকা এই প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে ‘মই যদি সৈনিক হওঁ’।ৰচনা প্ৰেৰণৰ অন্তিম তাৰিখ ১৫ আগষ্ট।
ইয়াত ভাগ লোৱাৰ নিয়ম আৰু চৰ্তাৱলী হ’ল ৰচনাখন নিজ হাতে লিখাটো বাধ্যতামূলক। হাতে লিখা পৃষ্ঠাসমূহৰ স্কেন কপি (Scanned Copy) প্ৰেৰণ কৰাটো প্ৰয়োজনীয়। ৰচনাসমূহ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব। ৰচনাখনৰ শব্দ ৩০০ টাতকৈ অধিক হ’ব নোৱাৰিব।
অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাই গ্ৰহণযোগ্য হ’ব। পৃষ্ঠাসমূহত পৃষ্ঠা নম্বৰ উল্লেখ কৰাটো বাঞ্চনীয়। প্ৰতিযোগীসকলে সম্পূৰ্ণ নাম, ঠিকনা, যোগাযোগ নম্বৰ আৰু পঢ়ি থকাৰ শ্ৰেণী ৰচনাখনৰ প্ৰথম পৃষ্ঠাত উল্লেখ কৰিব লাগিব। এগৰাকী প্ৰতিযোগীৰ পৰা এখন ৰচনাহে গ্ৰহণ কৰা হ’ব।
ৰচনা মৌলিক হোৱাটো বাধ্যতামূলক। অইন কোনো উৎসৰ পৰা লিখনি প্ৰতিলিপি কৰাৰ বিষয়ে অৱগত হ’লে তেনে ৰচনা অযোগ্য হিচাপে বিবেচিত হ’ব। শ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত পাঁচখন ৰচনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত একোখন প্ৰশংসা পত্ৰ আগবঢ়োৱা হ’ব।













