ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক্ৰমাগত তৃতীয় দিনৰ বাবে নিপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পানী এৰি দিয়াৰ ফলত লখিমপুৰ জিলাৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ য়াজালীত নামনি সোৱণশিৰিৰ ৰঙানদী প্ৰকল্পৰ বান্ধৰ পানী একেৰাহে তিনিদিন এৰি দিছে নিপকোৱে।
জিলাখনত যোৱা ২৪ ঘণ্টাত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। জিলা আপদকালীন ক্ৰিয়া কেন্দ্ৰই জনোৱা মতে, নিপকোৱে ইয়াৰ RHEP বান্ধৰ পানী নদীখনৰ অৰুণাচলৰ উজনি অংশত মে’ৰ ২২ তাৰিখৰ পৰা বিভিন্ন মাত্ৰাত বিভিন্ন গেটেৰে এৰি দি আছে আৰু শনিবাৰে নিশা ৯.৪৫ পৰ্যন্ত ৫নম্বৰ গেটেৰে ২০০০ মিমি পানী এৰি দিছে।
উক্ত সূত্ৰটোৰ মতে, দেওবাৰে পুৱা ৬ বজাৰ পৰা ৫ নম্বাৰ গেটেৰে ১৫০০ মিমি পানী এৰি দিছে। ইয়াৰ পিছত একেখন গেটেৰে পুৱা ৭ বজাত ১০০০ মিমি, দিনৰ ১২ বজাত ৮০০ মিমি আৰু আজি দিনৰ ১.৩০ বজাত ১১০০ মিমি পানী এৰি দিয়ে।
এই এৰি দিয়া বান্ধৰ পানী লখিমপুৰ পাবলৈ ৩ ঘণ্টা সময় লাগে। এই পানীয়ে আজি উত্তৰ লখিমপুৰৰ পাঁচনৈ-বৰবিলৰ পৰা আমতলা-মালোৱালৈকে বহু কেইখন গাঁও বুৰাই পেলায়।আনহাতে, উত্তৰ লখিমপুৰৰ অন্যান্য গাঁৱৰ লগতে জিলাখনৰ নাওবৈছা আৰু বিহপুৰীয়া ৰাজহ চক্ৰৰ অধীনৰ গাঁওসমূহ প্লাবিত কৰে।
লখিমপুৰ জিলা প্ৰশাসনৰ দৈনিক ৰিপোৰ্ট অনুযায়ী ৬খন গাঁৱৰ প্ৰায় ৩২০৩ জনসংখ্যা বিগত ২৪ ঘণ্টাত বানত আক্ৰান্ত হৈছে। আনহাতে, এই পৰ্যন্ত জিলাখনৰ ১৯৩.৫২ হে: কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে।













