ASSAM TIMES POST
উৎপল দাস, গোলাঘাট:
তামিলনাডুত কৰ্মৰত ২৩ গৰাকী যুৱক দেওবাৰে পুৱা গৃহ জিলা গোলাঘাটত উপস্থিত হয়। লকডাউনৰ বাবে আবদ্ধ হোৱা যুৱক কেইগৰাকীয়ে অসমলৈ আহিবলৈ বুলি ১৮ মে’ত কৰ্মস্থলীৰ পৰা বাছেৰে যাত্ৰা আৰম্ভ কৰিছিল যদিও তামিলনাডুৰ ত্ৰিভূলুৰ জিলাৰ ৰিডিলিচ আৰক্ষী থানাত বাছখনত অসম চৰকাৰৰ কোনোধৰণৰ যাৱতীয় অনুমতি নথকাৰ বাবে আবদ্ধ কৰি ৰাখে৷
তাৰ পিছতেই যুৱকসকল বিপাঙত পৰে। এনে অবস্থাত যুৱকসকলে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগলৈ ফোন কৰি অসম চৰকাৰৰ পৰা অনুমতি ল’বলৈ অনুৰোধ জনায়। বিধায়িকাগৰাকীয়ে তৎকালীনভাৱে গোলাঘাট জিলৈৰ উপায়ুক্ত বিষয়টো অবগত কৰি জৰুৰীভাৱে ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷
উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে জৰুৰীভাৱে ৰাজ্যিক দুৰ্য্যোগ ব্যবস্থাপনা বিভাগৰ লগত যোগাযোগ কৰাত সেই দিনাৰ সন্ধিয়াৰ ভাগলৈ অসম চৰকাৰৰ পৰা অনুমতি পাবলৈ সক্ষম হয়৷ ১৮ তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰি বিভিন্ন বাধা বিঘিনিৰ মাজেৰে দেওবাৰে আহি বাছ খন শ্ৰীৰামপুৰ গেটত উপস্থিত হয়। উল্লেখ্য যে যুৱকসকল কালি পুৱাৰ ভাগত সৰুসজাই কুৱাৰেণ্টইন কেন্দ্ৰত উপস্থিত হয় আৰু তেওঁলোকৰ স্বোৱাপ পৰীক্ষা কৰাৰ গোলাঘাট জিলা প্ৰশাসনে সাজু কৰি ৰখা নুমলীগড় কুৱাৰেণ্টাইন কেম্পত উপস্থিত হয়হি৷













