ASSAM TIMES POST
নগাঁও: চৰ্তুথ পৰ্যায়ৰ লকডাউনৰ মাজতে আজি বিয়লি নগাঁও চহৰৰ নিকটবৰ্তী কৰৈয়নী বামুনগাঁৱৰ পথাৰত এগৰাকী অচিনাক্ত মহিলাৰ অৰ্দ্ধদগ্ধ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। জানিব পৰা মতে বিয়লি গৰু আনিবলৈ গৈ স্হানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰে ।
নিশা কোনো দুৰ্বৃত্তই কাৰ্টনৰ ভিতৰত ভৰাই মৃতদেহটো জ্বলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । শাৰী পৰিহিত মহিলাৰ মৃতদেহটো বাতৰি লিখা পৰলৈকে চিনাক্ত হোৱা নাই । ইতিমধ্যে কৰৈয়নী বামুণগাঁও পথাৰৰ ঘটনাস্হলীত আৰক্ষী উপস্থিত মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ।













