ASSAM TIMES POST
নিউজ ডেস্ক:
নিম্ন আদালতৰ ৰায়ক খাৰিজ কৰি নজিৰবিহীন ৰায় ঘোষণা কৰিলে ওডিশা হাইকোর্টে। দেওবাৰে আদালতৰ পর্যবেক্ষণ, বিয়াৰ মিছা প্রতিশ্রুতি দি কোনোৱে সহবাস কৰিলে সেয়া ধর্ষণ বুলি গণ্য কৰা নাযাব। ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাত এই অভিযোগৰ কোনো শাস্তি নহ’ব বুলি জনাই দিয়ে আদালতে।
১৯ বছৰৰ এগৰাকী তৰুণীক বিয়াৰ মিছা প্রতিশ্রুতি দি সহবাস কৰাৰ অভিযোগ উঠে এজন ব্যক্তিৰ বিৰুদ্ধে। সেই গোচৰতেই এই ৰায় দিয়ে হাইকোর্টে। এই তৰুণীগৰাকীয়ে ধর্ষণৰ অভিযোগ আনিছিল অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে। ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাত ধর্ষণৰ অভিযোগ অনা হয়। কোৰাপুট থানাৰ অধীন এলেকাত এই ঘটনাটো ঘটে।
উল্লেখযোগ্য যে বিগত বছৰৰ ২৮ নৱেম্বৰত এই গোচৰ ৰুজু কৰা হয়। বিযাৰ মিছা প্রতিশ্রুতি দি ব্যক্তিজনে তৰুণীগৰাকীক ধর্ষণ কৰে বুলি অভিযোগ উঠে। পিছত তৰুণীগৰাকী গর্ভৱতী হৈ পৰে, কিন্তু ব্যক্তিজনে বিয়া কৰাবলৈ অস্বীকাৰ কৰে বুলি অভিযোগ উঠে। ইয়াৰ পিছতেই এই তৰুণীগৰাকীয়ে ধর্ষণৰ অভিযোগ আনি আৰক্ষীৰ দ্বাৰস্থ হয়। অভিযুক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কিন্তু তেওঁৰ জামিন আবেদন খাৰিজ কৰে নিম্ন আদালতে। ইয়াৰ পিছত ১১ ডিচেম্বৰত ব্যক্তিজনে জামিনৰ বাবে ওডিশা হাইকোর্টত আবেদন কৰে।
ওডিশা হাইকোর্টৰ ন্যায়াধীশ এছ কে পানিগ্রাহীৰ পর্যবেক্ষণত ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাত ধর্ষণৰ অভিযোগৰ যি সংজ্ঞা দিয়া হৈছে, তাৰ অধীনত এই গোচৰ নপৰে। ফলত এই ধৰণৰ ঘটনাত ধর্ষণ কৰা হৈছে, তাক কোৱা নাযাব। ফলত ব্যক্তিজনক জামিনত মুক্ত কৰে ন্যায়াধীশে। ইয়াৰ উপৰি তেওঁ কয়, এই গোচৰৰ বহু দিশ আছে। যাৰ তদন্ত হোৱা প্রয়োজন। জামিনৰ আবেদনকাৰীৰ আপিল মঞ্জুৰ কৰা এতিয়া প্রয়োজন।











