ASSAM TIMES POST
নিউজ ডেক্স
এতিয়ালৈকে জানিব পৰা গৈছিল যে ক’ৰোনাত আক্ৰান্ত ৰোগীয়ে পজিটিভ থকালৈকে সংক্ৰমণ ঘটাব পাৰে । কিন্তু বিজ্ঞানীয়ে দাবী কৰিছে যে ক’ৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীয়ে ১১দিনৰ পাছত সংক্ৰমণ বিয়পাব নোৱাৰে।
nypost.comৰ প্ৰতিবেদন অনুসৰি, ছিংগাপুৰ নেশ্যনেল চেন্টাৰ ফৰ ইনফেকশ্যন ডিজিজেজ (NCID) এণ্ড একাডেমী অফ মেডিচিনে চলোৱা এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে।গৱেষকসকলে দাবী কৰিছিল যে ক’ৰোনাৰ লক্ষণ প্ৰকাশ পোৱাৰ দুদিন পূৰ্বৰে পৰাই ক’ৰোনা আক্ৰান্ত ৰোগীয়ে সংক্ৰমণ ঘটাব পাৰে।
বিজ্ঞানীসকলে তেওঁলোকৰ অধ্যয়নত লাভ কৰিছে যে ক’ৰোনা আক্ৰান্ত ৰোগীৰ লক্ষণ দেখুওৱাৰ ৭দিনৰ পৰা ১০ দিনলৈকে সংক্ৰমণ ঘটাব পৰা ক্ষমতা থাকে।গৱেষকসকলে প্ৰায় ৭৩জন ক’ৰোনা আক্ৰান্ত ৰোগীৰ ওপৰত অধ্যয়ন চলাই এই তথ্য লাভ কৰিছে।











