ASSAM TIMES POST
কটন বিশ্ববিদ্যালয়ৰ সাহিত্য বিভাগৰ ছাত্ৰী তৃষ্ণা ভৰালী। মিছ বৰাক, Miss Enkindle, Miss Enlightenment আদি খিতাপ লাভ কৰাৰ লগতে তেওঁ বৰ্তমান ব্যস্ত অসমীয়া ধাৰাবাহিক এখনৰ শ্বুটিঙৰ কামত। ‘আছাম টাইমছ্ প’ষ্ট’ৰ বনানী শৰ্মাই ছাত্ৰীগৰাকীৰ এনে সফলতাত প্ৰভাৱিত হৈ এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হয়৷

“…সফল মডেল হ’বলৈ বিভিন্ন বিষয়ৰ বিভিন্ন কথা জনাৰ লগতে নিয়মিত ব্যায়াম কৰা আৰু হিন্দী, ইংৰাজীৰ লগতে নিজৰ ভাষাটো শুদ্ধকৈ জনাৰ উপৰিও আন আন ভাষা জানি থোৱাটো দৰকাৰী৷ কাৰণ এগৰাকী মডেলে নিজৰ ঠাইৰ উপৰিও আন ঠাইতো কাম কৰাৰ সুবিধা পাব পাৰে…”
সাক্ষাৎকাৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে আমাৰ প্ৰতিনিধিক জনাই যে সফল মডেল হ’বলৈ বিভিন্ন বিষয়ৰ বিভিন্ন কথা জনাৰ লগতে নিয়মিত ব্যায়াম কৰা আৰু হিন্দী, ইংৰাজীৰ লগতে নিজৰ ভাষাটো শুদ্ধকৈ জনাৰ উপৰিও আন আন ভাষা জানি থোৱাটো দৰকাৰী৷ কাৰণ এগৰাকী মডেলে নিজৰ ঠাইৰ উপৰিও আন ঠাইতো কাম কৰাৰ সুবিধা পাব পাৰে, তেনে সময়ত ভাষাই তেওঁলোকক যথেষ্ট সহায় কৰে। বহুতৰে ভুল ধাৰণা আছে মডেলে চুটি কাপোৰ পিন্ধে কিন্তু প্ৰকৃততে তেনে নহয়৷

তৃষ্ণাই জনাই দৈনন্দিন জীৱনত এযোৰ মাৰ্জিত সাজ তেওঁৰ প্ৰিয়, লগতে কয় যে তেওঁ অনুষ্ঠান সমূহৰ বাহিৰে দৈনন্দিন জীৱনত প্ৰসাধন অধিক ব্যৱহাৰ নকৰে। খাদ্যৰ ক্ষেত্ৰত তেওঁ কয় তেওঁৰ ভাতেই প্ৰিয় খাদ্য৷ তেওঁ কম পৰিমাণৰ ভাত খোৱাৰ লগতে পানী, ফল-মূল, সেউজীয়া শাক-পাচলি খায়। বহুতে ক্ষীণ আৰু ধুনীয়া শৰীৰ এটাৰ বাবে কম আহাৰ গ্ৰহণ কৰে৷ কিন্তু তৃষ্ণাই কয় যে শৰীৰৰ প্ৰয়োজনীয় আহাৰখিনি নিয়মত গ্ৰহণ কৰিও শৰীৰটো সুন্দৰ লগতে সুস্থকৈ ৰাখিব পাৰি। তৃষ্ণাৰ মতে সৌন্দৰ্য আৰু সফলতাৰ মূল মন্ত্ৰ হ’ল নিজৰ হাঁহিটো। অনাগত দিনত তৃষ্ণা ভৰালীৰ কামে যেন অসমীয়াৰ মান বৃদ্ধি কৰে তাৰ বাবে তেওঁ অসমবাসীৰ ওচৰত ‘আছাম টাইমছ্ প’ষ্ট’ৰ যোগেদি আশীৰ্বাদ আৰু মৰম বিচাৰে৷













