ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ,বোকাখাত
সম্প্ৰতি বিশ্ব ব্যাপি মানৱ জাতিক আতংকত ডুবাই ৰখা ক’ভিড-১৯ ৰ সংহাৰক মূৰ্তি অসমতো দিনক দিনে তীব্ৰ গতিৰে বাঢ়ি গৈ ত্ৰস্তমান কৰিছে ৰাজ্যবাসীক। এনে সময়তে হোৱা নেৰানেপেৰা বৰষুণে আনিছে আগন্তুক বাৰিষাৰ সংকেত।
সেয়েহে আগন্তুক বাৰিষাৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে তাৎক্ষনিকভাৱে বলৱৎ হোৱাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰীৰ পৰা বাগৰি পৰ্যন্ত এলেকাত ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিশেধাজ্ঞা জাৰি কৰিছে।

আজি মহকুমাধিপতি গৰাকীৰ স্বাক্ষৰিত বি এম জে ৬/২০১৮/৮৯ নং জাননী অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো যানবাহন ৪০ কিলোমিটাৰতকৈ অধিক বেগত চলাব নোৱাৰিব। বানপানীৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা বন্যপ্ৰাণীসমূহৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰিব।
কজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত কোনো ধৰণৰ মাৰণাস্ত্ৰ লৈ চলাফুৰা কৰিব নোৱাৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ধাবা, হাটেল আদিত গধুৰ যানবাহন আদি ৰখাব নোৱাৰিব।
আৰুএনে নিৰ্দেশনা উলংঘা কৰা ব্যক্তিক ভাৰতীয় দণ্ড বিধি আইন ১৮৮ ধাৰাৰ অধীনত শাস্তি বিহা হ’ব বুলিও উল্লেখ আছে নিৰ্দেশনা খনত। অৱশ্যে এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহন, বন তথা সুৰক্ষা বাহিনীৰ ক্ষেত্রত উক্ত নিয়মাৱলী প্ৰযোজ্য নহয় বুলিও নিৰ্দেশনাত উল্লেখ কৰা হয়।













