ASSAM TIMES POST
নগাঁও : ৰাজ্যত প্ৰতি মুহূৰ্ততে কোভিড- ১৯ ত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে নগাঁও জিলাত আজি পুনৰ ১১ জন লোক কোভিড-১৯ ত আক্রান্ত হয়। উল্লেখ্য বহি: ৰাজ্যৰ পৰা নিজ গৃহলৈ উভতি অহা কোভিড আক্ৰান্ত লোক কেইজন প্ৰশাসনে স্হাপন কৰা কোৱাৰেন্টীন চেন্টাৰত আছিল।
প্ৰাপ্ত তথ্য মতে, নগাঁও জিলাৰ কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টীন চেন্টাৰত থকা তিনিজন যুৱকৰ দেহত ক’ভিড -১৯ পজিটিভ ধৰা পৰে৷ আক্ৰান্ত যুৱক কেইজন হৈছে কচুৱা শিমলুগুৰিৰ ইমদাদুল হুছেইন, ফাৰুক আহমেদ আৰু কামপুৰ বকুলগুৰিৰ অভিজিত বৰা ৷ কোভিডত আক্ৰান্ত যুৱক কেইজন তামিলনাডু পৰা আহিছিল ৷
যোৱা ২২ মে’ৰ পৰা কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টীন চেন্টাৰত তেওঁলোকক কোৱাৰেন্টীন কৰি ৰখা হৈছিল । ইতিমধ্যে কোৱাৰেন্টীন শিবিৰটোত কামপুৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ যুৱক কেইজনক ১০৮ যোগে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
ইপিনে ধিং জৱাহৰ নৱোদয় বিদ্যালয়ৰ কোৱাৰেণ্টাইনত থকা ৮ জন লোকৰ দেহতো কভিড ১৯ ৰ উপস্থিতি ধৰা পৰে । যোৱা ২১,২২ আৰু ২৩ মে’ত পৰ্যায় ক্ৰমে ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত স্হাপন কৰা কোৱাৰেণ্টীন চেণ্টাৰত ১৫৮ জন লোকক কোৱাৰেনন্টীনত ৰখা হয় । উল্লেখ্য, ২৪ মে’ত এই লোক সকলৰ স্বোৱাৱৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল ।
আজি লাভ কৰা পৰীক্ষাৰ ফলাফলত ধিং লহকৰ মোবাৰক হুছেইন ,ধিঙৰ ফৰিদুল ইছলাম, ধিং লহকৰঘাটৰ মিৰাজুল ইছলাম,মৈৰাধ্বজৰ ওমৰ ফাৰুক, মোৱামাৰীৰ ছফিকুল ইছলাম, ধিং ঢাকাইবস্তিৰ জয়নুদ্দিন আৰু ধনীয়াভেটিৰ ৰচিদুল হক। জানিব পৰা মতে, আক্ৰান্ত আটাইকেইজন লোক তামিলনাডুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছিল ।
আনহাতে নগাঁও জিলাৰ জুৰীয়াৰ ফাকলি পথাৰৰ মোকছিদুল ইছলাম নামৰ ২৩ বছৰীয়া এজন যুৱকৰ দেহত কোভিড ১৯ৰ উপস্থিতি ধৰা পৰিছে । উত্তৰ প্ৰদেশত কৰ্মৰত আছিল যুৱক জন। জুৰীয়াৰ বগুৰীগুৰী মাদ্ৰাছা উচ্চতৰ মধ্যমিক কোৱাৰীণ্টীইন চেন্টাৰত যুৱক জন কোৱাৰিনটীনত আছিল ।
কোৱাৰীণ্টীনত থকা যুৱক জনৰ দেহত কোভিড ১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাছত তেওঁক নগাঁও ভোগেশ্বৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইপিনে একেটা দিনতে নগাঁও জিলাত ১১ জন লোকৰ দেহত কোভিড ১৯ৰ উপস্থিতি ধৰা পৰাত জিলাবাসী শংকিত হৈ পৰিছে ।













