ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশনাত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি ফলপ্ৰসু ভাৱে ৰূপায়ন কৰাৰ বাবে প্ৰদক্ষেপ গ্ৰহণ।গ্ৰাম্য অৰ্থনীতিৰ সবল কৰাৰ লক্ষ্যৰে আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ অংশ হিচাপে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এমজিএনৰেগা আঁচনিত ক’ৰোনা বাবে বহি:ৰাজ্যৰ পৰা অহা জনতাক তথা ৰাজ্যৰ দৰিদ্ৰ জনতাক প্ৰদান কৰিব জবকাৰ্ড।এই কথা ঘোষণা মন্ত্ৰী নৱ দলেৰ।
মজুৰি বৃদ্ধিয়ে প্ৰদান কৰা হব কৰ্ম সংস্থাপণ বুলি উল্লেখ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গৰাকীয়ে কয় “লোক সকলৰ বাবে তালিকা প্ৰস্তুত কৰা হৈছে।বহি:ৰাজ্যত লোকসকলে যিসমূহ কামত জড়িত হৈ আছিল সেই কথা সন্নিৱিষ্ট কৰা হব।প্ৰয়োজন হলে তেওঁলোকৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব”।
যিসকল লোকৰ নিৰ্মাণ কাৰ্যত দখল আছে সেই সকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা কামত নিয়োগ কৰা হব।ফলত অধিক ফলপ্ৰসূ হব প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণ কাৰ্য-মন্ত্ৰী দলে কয়।আৱেদন কৰা ৭দিনৰ ভিতৰতে প্ৰদান কৰা হব জবকাৰ্ড।লগতে কাম বিচৰা লগে লগে কাম দিয়া হব।মজুৰি পূর্ব ১৯৩ টকা পৰা ২১৩লৈ বৃদ্ধি কৰা হৈছে।কামৰ অন্তত মজুৰি সময়মতে প্ৰদান কৰা হব।













