ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
বহিঃৰাজ্যৰ পৰা আহি বোকাখাতৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকৰ মাজত একেদিনাই ওলোৱা ৩২ কভিভ পজিটিভ ৰোগীক লৈ আজি তীব্ৰ আতংক বিৰাজ কৰিছে বোকাখাতত। বহিঃৰাজ্যৰ পৰা অহা লোকৰ বাবে সংস্থাপিত মহামাৰী কৰ’না ভাইৰাছৰ প্ৰাথমিক পৰীক্ষা আৰু পৰ্যবেক্ষণ কেন্দ্ৰৰ বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ কোৱাৰন্টীন কেন্দ্ৰত থকা ১০১ জন লোকৰ ভিতৰত ৩১ জনৰ স্বোৱাব টেষ্টৰ নমুনা পজিটিভ আহিছে।


আনহাতে দিল্লীত পত্নীৰ চিকিৎসাৰ বাবে গৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা বোকাখাতৰ অজিত শইকীয়াৰ পত্নী বন্তি শইকীয়াৰ পুনৰ পজিটিভ ওলাইছে। উল্লেখ্য যে বন্তি শইকীয়া দিল্লীত কৰ’না পজিটিভ হৈ দিল্লীতে কোৱাৰন্টীনত থাকি তাত হোৱা পৰীক্ষাত নিগেটিভ ওলাইছিল।
চৰকাৰী ব্যৱস্থাৰে বোকাখাতত উপস্থিত হৈ বৰ্তমান তেওঁ কাজিৰঙাৰ প্ৰশান্তি লজত কোৱাৰন্টীন হৈ আছিল। বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ ছাত্র আৰু ছাত্ৰী নিৱাসৰ এইসকল কভিভ আক্ৰান্ত লোকক ১০৮ বাহনেৰে চাৰিজন চাৰিজনকৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰন্টীন ৱাৰডলৈ স্থানান্তৰিত কৰি থকা হৈছে। আনহাতে বোকাখাতৰ এগৰাকী বাছ চালকৰ পজিটিভ ফলাফলে আতংকিত কৰি তুলিছে বোকাখাতৰ ৰাইজক।
চালক গৰাকীয়ে ১৮মে’ত বোকাখাতৰ পৰা বিহাৰলৈ বুলি বোকাখাতৰ একাংশ বনুৱা কৰ্মচাৰীক লৈ গৈছিল। ২০ মে’ৰ দিনা শ্ৰীৰাম পুৰৰ পৰা উভতি আহে আৰু গুৱাহাটীৰ আই এচ ভি টিৰ ওচৰত নিশা কটাই ২৩ মে’ত বোকাখাত পায়হি। বোকাখাতৰ ৪নং ৱাৰ্ডৰ ভাড়া ঘৰত সোমাই থকা অৱস্থাত বাচখনৰ গৰাকীৰ তৎপৰতাত বোকাখাতৰ দণ্ডাধীশে কোৱাৰন্টীন কৰোৱায়। কিন্তু চিন্তনীয় কথাটো হ’ল শইকীয়া উপাধিৰ চালক জনে গুৱাহাটীৰ পৰা জন ট্ৰেভেলচ নামৰ ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাচেৰে আহি বোকাখাতত নামে।
তেওঁ ভাড়াতীয়া হিচাপে থকা ঘৰটোৰ চৌহদত কেইবাখনো হোটেলৰ কাৰীকৰ আৰু কৰ্মচাৰী থাকে আৰু এই কৰ্মচাৰী সকলে বৰ্তমান বোকাখাতৰ হোটেল সমূহত কাম কৰি আছে। এনে স্থলত বোকাখাতত কৰ’না সংক্ৰমণৰ তীব্ৰ আশংকাত ত্ৰস্ত হৈছে স্থানীয় লোক।
বৰ্তমান বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে শইকীয়াৰ পৰ্যটন বুৰঞ্জী অনুসন্ধান আৰু আবাস এলকাত পৰ্যবেক্ষণ কৰিছে বুলি জানিব পৰা গৈছে। ইফালে গোলাঘাট জিলাত প্ৰতিনিয়ত বৃদ্ধি পাই থকা কভিভ-১৯ ৰ সংখ্যাৰ বাবে কঁহৰা আদৰ্শ চিকিৎসালয় খন কভিভ চিকিৎসালয়লৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে। কঁহৰা আদর্শ চিকিৎসালয়ক ক’ভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰাৰ বাবে প্রয়ােজন হোৱা চিকিৎসা আৰু আন সামগ্ৰীৰ তালিকা চৰকাৰক দাখিল কৰা হৈছে।
এই চিকিৎসালয়ত উক্ত সামগ্রীখিনিৰ লগতে অতিৰিক্ত চিকিৎসক আৰু চিকিৎসা কর্মী নিয়ােগ কৰিলে ক’ভিড ৰােগীক ৰাখিব পৰা যাব। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ লগতে পর্যটন বিভাগৰ কৰ্মী তথা বৃহত্তৰ কাজিৰঙা অঞ্চলৰ ৰাইজৰ একমাত্র চিকিৎসাৰ প্রাণকেন্দ্র স্বৰূপ আদৰ্শ কঁহৰা চিকিৎসালয়খনক দুটা ভাগত বিভক্ত কৰি ক’ভিড ৰােগীৰ লগতে সাধাৰণ ৰােগীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব।
ইফালে, কাজিৰঙাৰ পর্যটন নিৱাসত স্থাপন কৰা কোৱাৰেন্টাইন চেণ্টাৰত প্রতিদিনে বহিঃৰাজ্যৰ পৰা অহা লােকক কোৱাৰেন্টাইন কৰি ৰখাৰ ব্যৱস্থা চলি আছে। বােকাখাত মহকুমা জনসংযােগ বিষয়াই জানিবলৈ দিয়া মতে কাজিৰঙাৰ কঁহৰাত অৱস্থিত অসম পর্যটন বিভাগৰ বনশ্রী পর্যটন নিৱাসত বহিঃৰাজ্যৰ পৰা অহা ১৮জন, অৰণ্য পর্যটন নিৱাসত ২৭ জন, জোনাকী কাৰেঙত ১১জন, অৰিয়ল পর্যটন নিৱাসত ২১জন আৰু প্রশান্তি পর্যটন নিৱাসত দুজনক লৈ মুঠ ৮৯জনক কোৱাৰেন্টাইন কৰি ৰখা হৈছে।
আনহাতে, বহিঃৰাজ্যৰ পৰা গােলাঘাট জিলালৈ অহা ১০১জন লােকক বােকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত কোৱাৰেন্টাইন কৰি ৰখা হৈছে বুলি বােকাখাত মহকুমা প্রশাসনে জানিব দিয়ে । ইয়াৰে বোকাখাতত ৩১ জন আৰু কাজিৰঙা ১ জন লোকৰ দেহত কভিভ১৯ ধৰা পৰিছে। আনহাতে বোকাখাতৰ পৰা বিহাৰলৈ যোৱা বাছখনত শইকীয়া উপাধিৰ চালক জনৰ সতে আৰু তিনিজন চালক আৰু সহায়ক আছিল।
শইকীয়া শ্ৰীৰাম পুৰৰ পৰা উভতি আহে যদিও বাকী তিনিজন বিহাৰ পাই উভতি আহে আৰু বাছখনৰ গৰাকীয়ে তিনিও জনকে বোকাখাতত কোৱাৰন্টীন কেন্দ্ৰত ভৰ্তি কৰোৱা হয় । আজি এই তিনিজনৰ ফলাফল নিগেটিভ আহে।
বাচখনৰ গৰাকীয়ে বাছখন আহি পোৱাৰ লগে লগেই বোকাখাতস্থ অগ্নি নিৰ্বাপক কেন্দ্ৰত চেনিটাইজ কৰাৰ কথা জানিবলৈ দিয়ে। শইকীয়া ভাড়া থকা বোকাখাতৰ ৪ নং ৱাৰ্ডৰ অসম অইল ডিপোৰ সন্মূখভাগ বোকাখাতৰ মহকুমা প্ৰশাসনে কন্টেইনমেন্ট জ’ন ঘোষনা কৰিছে। দিল্লীৰ পৰা অহা বোকাখাতৰ বন্তি শইকীয়াক যোৰহাট মেডিকেল কলেজলৈ স্থানান্তৰিত কৰা হৈছে। তেওঁ এগৰাকী কেঞ্চাৰ ৰোগী।













