ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডে ইয়াত কৰ্মৰত অস্থায়ী শ্ৰমিকসকলক চাটাই কৰিছে। মূলতঃ মাৰুতি চুজুকিৰ বিক্ৰী হ্ৰাস পোৱাতে এই সিদ্ধান্ত লোৱা হৈছে।
ই সম্পৰ্কত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক বিবৃতিৰ জৰিয়তে মাৰুতি চুজুকিয়ে কয় যে ইয়াত কৰ্মৰত ১৮,৮৪৫ অস্থায়ী শ্ৰমিকৰ কাৰ্যকাল ৩০ জুনত অন্ত পৰিছে। যোৱা বছৰো একে সময়তে ১,১৮১ গৰাকী কৰ্মচাৰীক অব্যাহতি দিয়া হৈছে।
ইফালে চলিত বৰ্ষৰ এপ্ৰিলৰপৰা এনে কৰ্মচাৰীৰ চাটাই অভিযান তীব্ৰ কৰা হৈছে। মন্দাৱস্থা দূৰ নোহোৱা পৰ্যন্ত পুনৰ নতুন কৰ্মচাৰী নিয়োগৰ চিন্তা নাই কৰা বুলি মাৰুতি চুজুকিয়ে কয়। উল্লেখ্য প্ৰথমবাৰৰ বাবে মাৰুতি চুজুকিত এনে অচলাৱস্থাই দেখা দিছে।













