ASSAM TIMES POST
নতুন দিল্লীঃ প্ৰাক্তন সতীৰ্থ বিনোদ কাম্বলিৰ সৈতে স্কুলীয়া জীৱনত উঠা এখন ফটোৰে শনিবাৰে নষ্টালজিক হৈ পৰে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ।

ছ’চিয়েল মাইক্ৰ’ব্লগিং চাইট টুইটাৰত টেণ্ডুলকাৰে বিশেষ ফটোখন আপল’ড কৰি স্মৃতি ৰোমন্থন কৰে। ফটোখন তেওঁক ‘কামব্ল্যা’ (বিনোদ কাম্বলি)ই দিয়া বুলি উল্লেখ কৰে। টুইটাৰত এয়া প্ৰত্যক্ষ কৰি কাম্বলিয়েও শচীনৰ সৈতে বাল্যকালত চিলা উৰুৱাৰ স্মৃতি ৰোমন্থন কৰে।













